বঢ়মপুৰ, 4 জুন :পুনৰ ৰেলৰ পৰা পলায়ন ১২ গৰাকী যাত্ৰীৰ ৷ কামপুৰৰ লাওপানী ৰেল ষ্টেচনৰ পৰা ক'ভিড টেষ্ট নকৰাকৈ পলায়ন কৰিছিল যাত্ৰী সকলে ৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সহযোগত কামপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰে যাত্ৰী সকলক ৷ যাত্ৰী কেইগৰাকী কেৰালাৰ পৰা অহা থিৰুৱন্তপুৰম এক্সপ্ৰেছত হোজাই লামডিং অভিমুখে আহিছিল ।
কামপুৰৰ লাওপানী ৰেল ষ্টেচনৰ পৰা পলায়ন কৰা 12 যাত্ৰী আটক - কাৰায়ত্ব
কামপুৰ লাওপানী ৰেল ষ্টেচনৰ পৰা পলায়ন ১২ গৰাকী যাত্ৰীৰ ৷ ক'ভিড টেষ্ট নকৰাকৈ পলায়ন কৰিছিল যাত্ৰী সকলে ৷ আৰক্ষীয়ে অভিযানত আটক আটাইকেইজন ৷ যাত্ৰী সকলৰ বিৰুদ্ধে 71/21 U/S 51/B of BM. Act নম্বৰৰ এক গোচৰ ৰুজু ৷
কামপুৰ লাওপানী ৰেল ষ্টেচনৰ পৰা পলায়ন কৰা ১২ গৰাকী যাত্ৰী আটক
ঘটনাৰ খবৰ পাই নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰুপম হাজৰিকাৰ তৎপৰতাত কামপুৰ আৰক্ষীৰ সহযোগত ১২ গৰাকী যাত্ৰীক কাৰায়ত্ব কৰিবলৈ সক্ষম হয় । ইতিমধ্যে কামপুৰ আৰক্ষীয়ে কাৰায়ত্ব কৰা যাত্ৰী সকলৰ ক'ভিড পৰীক্ষা কৰাৰ লগতে 71/21 U/S 51/B of BM. Act নম্বৰৰ এক গোচৰ ৰুজু কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিব । যাত্ৰী সকলৰ ঘৰ কামপুৰৰ কচুৱা আৰু ৰাজাগাঁও অঞ্চলত ।
লগতে পঢ়ক :ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ