অসম

assam

By

Published : Jul 12, 2019, 5:38 PM IST

ETV Bharat / state

ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথত বিকল 108 সেৱা

পুৱাৰে পৰা এম্বুলেঞ্চ বিকল হোৱা সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো ব্যৱস্থা কৰা নাই মেৰামতিৰ

ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথত বিকল 108 সেৱা

নগাঁও,12 জুলাইঃ এম্বুলেন্সৰ ভিতৰতে বহি মোবাইল পিটিকি সময় পাৰ কৰিছে ৰাজ্যৰ একাংশ 108 এম্বুলেন্সৰ কৰ্মচাৰীয়ে ৷ কাৰণ বিকল 108 এম্বুলেন্সে উন্মোচিত কৰিলে স্বাস্থ্য বিভাগৰ প্ৰকৃত স্বৰূপ। গুৰুতৰভাৱে অসুস্থ ৰোগীক তৎকালে চিকিৎসা প্ৰদান কৰিবলৈ আৰম্ভ কৰা হৈছিল 108 জৰুৰীকালীন সেৱা। কিন্তু বৰ্তমান সময়ত শোচনীয় অৱস্থা হৈছে 108 এম্বুলেন্সৰ। এম্বুলেন্স সেৱা আৰম্ভ কৰা দিনৰ পৰা আজিৰ তাৰিখলৈ সেই সময়তে ক্ৰয় কৰা গাড়ীৰে চলি আছে জৰুৰীকালীন সেৱা। ফলত ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথতে স্তব্ধ হৈ পৰে আওপুৰণি এম্বুলেন্স ৷

ৰোগী কঢ়িয়াবলৈ গৈ ৰাজপথত বিকল 108 সেৱা

শুকুৰবাৰে পুৱা নগাওঁ চহৰৰ ৰত্নপুৰৰ এগৰাকী অসুস্থ বৃদ্ধাক আনিবলৈ গৈ আধাবাটতে বিকল হৈ পৰে এই 108 এম্বুলেঞ্চখন। ৰাজপথৰ মাজতে বিকল হৈ পৰা এইখন 108 খন ৰাজপথৰ মাজৰ পৰা ৰাইজে ঠেলি আতৰাবলগীয়া হয়। ৰোগী কঢ়িয়াবলৈ গৈ থকা অৱস্থাতে 108 এম্বুলেন্সখন বিকল হৈ পৰাত বৃদ্ধাগৰাকীক নিজা খৰচত চিকিৎসালয়লৈ নিয়া বুলি জানিব পৰা গৈছে। পুৱাৰে পৰা এম্বুলেন্সখন বিকল হোৱা সন্দৰ্ভত কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো এই পৰ্যন্ত ব্যৱস্থা কৰা নাই মেৰামতিৰ। যাৰ বাবে এতিয়া এম্বুলেঞ্চখনতে বহি মোবাইল টিপি সময় পাৰ কৰিছে কৰ্মচাৰীয়ে।

ABOUT THE AUTHOR

...view details