অসম

assam

ETV Bharat / state

১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

সুদীৰ্ঘ সাতোটাকৈ বৰ্ষতে এশ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে এতিয়া নগাঁও জিলাখনতে উজ্জ্বলি উঠিছে ৰূপহীহাটৰ জুৰিয়াৰ ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয় " অসমী জাতীয় বিদ্যালয় "। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ১০০ শতাংশ উত্তীৰ্ণৰ হাড়েৰে বিদ্যালয়খনে এইবাৰো অক্ষুণ্ণ ৰাখিলে এই ধাৰা।

100_percent_success_school_juria_rupahihat
১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

By

Published : Jun 8, 2020, 11:10 PM IST

ৰূপহীহাট,৮ জুন:সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰিয়াৰ এখন ব্যক্তিগত খণ্ডৰ আগশাৰী বিদ্যালয়ে পুৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰো জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সক্ষম হয় ৷ উল্লেখিত বিদ্যালয়খনে এটা অথবা দুটা বৰ্ষ নহয়, সাটোটাকৈ বৰ্ষতেই ক্ৰমান্বয়ে এশ শতাংশ উত্তীৰ্ণৰে বিদ্যালয়খনৰ লগতে সমগ্ৰ অঞ্চলটোলৈকে কঢ়িয়াই অানিছে গৌৰৱ ৷ পূৰ্বৰ ধাৰাবাহিকতা বৰ্তাই ৰাখি এই বৰ্ষটোটো বিদ্যালয়খনৰ পৰা ২৭ গৰাকীকৈ পৰীক্ষাৰ্থীৰ আটাইকেইগৰাকীয়ে ভাল ফলাফল দেখুৱাই ১০০ শতাংশই উত্তীৰ্ণ হয়।

২৭ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২০ গৰাকীয়ে প্ৰথম বিভাগত, তিনি গৰাকীয়ে দ্বিতীয় বিভাগত আৰু চাৰি গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৷ তাবাচুম মোহছিনাই আটাইকেইটা বিষয়ত লেটাৰ সহ ৯০শতাংশ নম্বৰেৰে ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে ৷ সেইদৰে ৰুনু আহমেদ, আকিলা আৰু শ্বীৰিনা ফাৰহানাই ষ্টাৰ লাভ কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই অানিবলৈ সক্ষম হয়। আন এগৰাকী শিক্ষাৰ্থী ইনামূল হক চৌধুৰীয়ে আৰৱী বিভাগত ৯৭ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৷

১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সাফল্য

এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনে প্ৰতিবছৰেই এশ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ কৰোৱাই এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷ সোমবাৰে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰতি গৰাকী ছাত্ৰছাত্ৰীক বিদ্যালয়ৰ শিক্ষাগুৰু সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়।বিদ্যালয় খনৰ এই ফলাফলক লৈ গৌৰৱান্নিত জুৰিয়াবাসীৰ লগতে জুৰিয়া শাখা আঞ্চলিক ছাত্ৰ সন্থা , আমছুৰ জুৰিয়া আঞ্চলিক গোট আৰু জুৰিয়া সংবাদ ক্লাবৰ ফালৰ পৰাও ছাত্ৰ-ছাত্ৰী সকললৈ শুভেচ্ছা আৰু শিক্ষক সকলক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হয়।

ABOUT THE AUTHOR

...view details