অসম

assam

By

Published : Aug 20, 2021, 10:36 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই শ্ৰেষ্ঠ পাঁচ ৰাজ্যত স্থান পাব অসমে

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিব বুলি মন্তব্য কৰিছে নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই । ৰাজ্যৰ আন প্ৰান্তৰ লগতে নগাঁৱতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ১০০ টা দিন পূৰ্ণ হোৱাত আয়োজিত কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে নগাঁৱৰ বিধায়ক গৰাকী ৷

100 days sarmah government made bjp mlas of asssam proud
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই শ্ৰেষ্ঠ পাঁচ ৰাজ্যত স্থান পাব অসমে

নগাঁও, 20 আগষ্ট:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ এশ দিন উপলক্ষে ৰাজ্যজুৰি উদযাপন কৰা অনিৰুদ্ধ ১০০ টা দিন শীৰ্ষক অনুষ্ঠানটি নগাঁৱতো উদযাপন কৰা হয় । নগাঁও সাংস্কৃতিক প্রকল্পত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা । অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ ভাষণত ড৹ শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে বিধায়ক ৰূপক শৰ্মাই ।

সাধাৰণতে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলেই প্ৰতিশ্ৰুতি দিয়ে । ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰতিশ্ৰুতি দিছিল, বিগত সময়ত অন্য কোনো ৰাজনৈতিক দলে এনেদৰে কোনো দিনেই প্ৰতিশ্ৰুতি পালন নকৰিলে যিদৰে বৰ্তমানৰ বিজেপি চৰকাৰে কৰিছে বুলি বিধায়ক গাৰকীয়ে মন্তব্য প্ৰকাশ কৰে । ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত বৰ্তমানৰ চৰকাৰখনে যথেষ্ট গুৰুত্ব প্ৰদান কৰা বুলি তেওঁ মত পোষণ কৰে ।

নগাঁৱত অনিৰুদ্ধ ১০০ টা দিন শীৰ্ষক অনুষ্ঠান উদযাপন

চৰকাৰে নিজৰ প্ৰথম এশটা দিনৰ ভিতৰতেই প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে । প্ৰতিশ্ৰুতি দিয়া মতে প্ৰতিটো কামেই কৰিবলৈ তৎপৰ হৈ পৰিছে বৰ্তমানৰ চৰকাৰখনে বুলি মন্তব্য কৰে শৰ্মাই ৷

নগাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে লগতে কয় যে, চৰকাৰ গঠনৰ পিছতেই মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁৰ নিৰ্দেশৰ পিছতেই অসম আৰক্ষীয়ে তীব্রতৰ কৰি তুলিছিল ড্ৰাগছ বিৰোধী অভিযান। কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই ব্যৱসায়ৰ সৈতে জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে । এশ টা দিনৰ ভিতৰতেই এক লাখ নিযুক্তিৰ কামো হাতত লৈছে চৰকাৰখনে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিবলৈ গৈ সোণোৱালক বিফল সজালে নেকি গণেশ লিম্বুৱে !

ABOUT THE AUTHOR

...view details