অসম

assam

ETV Bharat / state

কামপুৰত পথ দুৰ্ঘটনাত নিহত এজন, আহত 1 - দক্ষিণ কামপুৰ হাইস্কুল

বাইক আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হৈ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে কিয়নো দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত সেই স্থানত কোনো এজন প্ৰত্যক্ষদৰ্শী উপস্থিত নাছিল ৷

কামপুৰত পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Sep 17, 2019, 5:45 PM IST

বঢ়মপুৰ, 17 চেপ্টেম্বৰঃমঙলবাৰে কামপুৰৰ দক্ষিণ কামপুৰ হাইস্কুলৰ সমীপত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়৷ বাইক আৰু স্কুটীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে কিয়নো দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত সেই স্থানত কোনো প্ৰত্যক্ষদৰ্শী উপস্থিত নাছিল ৷

কামপুৰত পথ দুৰ্ঘটনাত নিহত এজন

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা লোকজন ঘিলানীৰ ৰাজু আহমেদ বুলি চিনাক্ত কৰা হৈছে৷ আনহাতে আহত লোকজন গুলজাৰ আহমেদ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ ৰাজু আহমেদৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে নগাঁৱলৈ প্ৰেৰণ কৰে । ইপিনে আহত গুলজাৰ আহমেদক আৰক্ষীয়ে ততাতৈয়াকৈ কামপুৰ এফআৰ ইউত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত বাইক খনৰ নম্বৰ AS-02-M-3277৷

ABOUT THE AUTHOR

...view details