মৰিগাঁও, ১৬ অক্টোবৰ : সংগীতশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত পুনৰ সৃষ্টি হ’ল অপ্ৰীতিকৰ পৰিস্থিতিৰ (Tense situation at Zubeen Garg program)৷ এইবাৰৰ ঘটনাৰ স্থান মৰিগাঁও ৷ শনিবাৰে নিশা মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত সৃষ্টি হ’ল এক বিশৃংখল পৰিস্থিতিৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি, মৰিগাঁও জিলা দিৱসৰ (Morigaon District Day) লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও ৰাইজৰ সহযোগত নিশা আয়োজন কৰা হৈছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান । হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত এটাৰ পিছত আনটো গীতেৰে মোহাচ্ছন্ন কৰি ৰাখিছিল শিল্পীগৰাকীয়ে (Zubeen Garg cultural night in Morigaon)৷ কিন্তু তাৰ মাজতে একাংশ অনুৰাগীয়ে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । একাংশ অনুৰাগীৰ মাৰপিটৰ ঘটনাও সংঘটিত হয় । একাংশ উদণ্ড যুৱকে চকী আৰু বিভিন্ন আচবাব ভাঙি লণ্ডভণ্ড কৰে ।
ফলস্বৰূপে উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । আৰক্ষীৰ লাঠিচালনাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে (Police lathi charge in Morigaon)। এই ঘটনাত কেইবাগৰাকীও মহিলা অনুৰাগী আহত হয় । যাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় মৰিগাঁৱত ।