ধিং, 30 নৱেম্বৰ :গুৰিৰ পৰা গেলিছে মৈৰাবাৰীৰ শিক্ষাব্যৱস্থা ৷ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে প্ৰশ্নকাকত ফাদিলত জড়িত খোদ শিক্ষাগুৰু ৷ টকাৰ বিনিময়ত প্ৰশ্নকাকত ফাদিল কৰি মৈৰাবাৰীত দুদিনত গ্ৰেপ্তাৰ হ'ল দুজন ৷ জিলাখনত নৱম-দশম শ্ৰেণীৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল মৈৰাবাৰী মাধ্যমিক বিদ্যালয় (Moirabari High School)ৰ এজন সহকাৰী শিক্ষক(Teacher arrested in Mairabari)ৰ লগতে শিক্ষকজনৰ ব্যক্তিগত বনকৰা যুৱক ৷
পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰি শিক্ষা বিভাগটোক লজ্জানত কৰা শিক্ষকজনৰ নাম আনোৱাৰা হুছেইন চিৰাজী আৰু বনকৰা যুৱকজনৰ নাম আতিকুল ইছলাম ৷ বনকৰা যুৱকজন গ্ৰেপ্তাৰ হোৱা সহকাৰী শিক্ষকজনৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ ঘৰত কামকাজ কৰাৰ উপৰিও মৈৰাবাৰী মাধ্যমিক বিদ্যালয়খনত অবৈতনিক চকীদাৰ হিচাপে কৰ্মৰত আছিল ৷
উল্লেখ্য যে, যোৱা ২৫ নৱেম্বৰৰ নৱম আৰু দশম শ্ৰেনীৰ সমাজ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত ২৪ নৱেম্বৰতে শ শ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাৰ উপৰিও ২৭ নৱেম্বৰৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়ৰ প্ৰশ্ন কাকতো ২৬ নৱেম্বৰতে ধনৰ বিনিময়ত সংগ্ৰহ কৰিছিল বহু ছাত্ৰ ছাত্ৰীয়ে । ফলত মৰিগাঁও জিলা শিক্ষা বিষয়াই দুয়োটা দিনৰ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল ।