মৰিগাঁও, 30 জানুৱাৰীঃ মৰিগাঁও জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত বুধবাৰে জিলাখনৰ ঐতিহাসিক গান্ধী ভৱন প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় যুৱ অভিৱৰ্তন । পুৱা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাসে । ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন সাধৰণ সভা । সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকি ৰাজ্যিক নেহৰু যুৱ কেন্দ্ৰৰ সঞ্চালক অংশুমান প্ৰসাদ দাস, মুখ্য অতিথি ৰূপে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লাচিত দাস,পংকজজ্যোতি হাজৰিকা, অচ্যুত চন্দ্ৰ দাস আৰু প্ৰভাত চন্দ্ৰ বৰাই সাম্প্ৰতিক সময়ত যুৱ উশৃংখলতা, জীৱন ধাৰণ প্ৰক্ৰিয়া, ৰোগ নিৰাময়ত যোগৰ প্ৰাসংগিকতা আদিৰ ওপৰত ভাষণ প্ৰদান কৰে । এই অনুষ্ঠানতে জিলাখনৰ ভিতৰতে এইবাৰ শ্ৰেষ্ঠ যুৱ সংঘ হিচাপে বাছনি কৰি বঁটা প্ৰদান কৰে মৰিগাঁও জিলা গ্ৰাম্য পুথিভঁৰাল সন্থাক । এই বঁটাত আছে ২৫ হাজাৰ টকাৰ এখন চেক আৰু এখন মানপত্ৰ । একেদৰে নেহৰু যুৱ কেন্দ্ৰই জিলাখনৰ কেইবাগৰাকী উদীয়মান খেলুৱৈক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায় ।
মৰিগাঁৱত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ অভিৱৰ্তন - মৰিগাঁৱত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ অভিৱৰ্তন
মৰিগাঁৱত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ অভিৱৰ্তন। শতাধিক যুৱক সংঘলৈ আগবঢ়ালে খেলসামগ্ৰী । মৰিগাঁও গ্ৰাম্য পুথিভঁড়ালত সন্থালৈ শ্ৰেষ্ঠ যুৱ সংঘৰ বঁটা প্ৰদান ৷
আনহাতে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১২৬ টা যুৱ সংঘ, ক্লাৱৰ মাজত খেলৰ সামগ্ৰী সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে । ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা ভিত্তিত এটি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । সাংস্কৃতিক অনুষ্ঠানটোত মৰিগাঁও সৰ্বোদয় পাব্লিক স্কুল, স্বৰগম কালচাৰেল অকাডেমি আদি অনুষ্ঠানৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে গীত- নৃত্যৰে অংশগ্ৰহণ কৰে । অনুষ্ঠানটোত আমন্ত্ৰিত অতিথিৰূপে নেহৰু যুৱ কেন্দ্ৰৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন সঞ্চালক ঘনশ্যাম হাজৰিকা, শিক্ষাবিদ পোনাৰাম নাথকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি সহ মৰিগাঁও জিলাৰ একাংশ সংবাদ কৰ্মী উপস্থিত থাকে ।
আৰু পঢ়কঃ আলফা স্বাধীনৰ সৈতে আলোচনা: এক জটিল সন্ধিক্ষণ নে সুদিনৰ উদয় !!!