মৰিগাঁও, 22 ছেপ্তেম্বৰঃ বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যতো অনুষ্টুপীয়া কৈ উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস । অনুষ্ঠানৰ লগত সংগতি ৰাখি মঙলবাৰে পবিতৰা অভয়াৰণ্যৰ আবাসিক এলেকাত প্ৰভাকৰ বৰুৱা স্মৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ জৰিয়তে অভয়াৰণ্যখনৰ নিকটৱৰ্তী তথা ঐতিহাসিক ৰজামায়ং গাঁৱৰ 28 গৰাকী লোকক গঁড় মিত্ৰ হিচাপে সন্মানিত কৰা হয় । ন্যাসে উক্ত গঁড় মিত্ৰসকলক মাননি আৰু একোখনকৈ মান পত্ৰ প্ৰদান কৰে ।
পবিতৰা অভয়াৰণ্যত আন্তজাতিক গড় দিৱস উৎযাপন - world rhino day celebrated at pobitora wildlife century
বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যতো উদযাপন বিশ্ব গঁড় দিৱস । পবিতৰা অভয়াৰণ্যত গঁড়ৰ সুৰক্ষা দি অহাত অগ্ৰণী ভূমিকা পালন কৰা 28 গৰাকী স্থানীয় লোকক "গঁড়মিত্ৰ" উপাধিৰে সন্মানিত কৰা হয় ।
পবিতৰা অভয়াৰণ্যত আন্তজাতিক গড় দিৱস উৎযাপন
অনুষ্ঠানটোত মায়ঙৰ পৰম্পৰাগত ৰজা তৰণী কান্ত কোঁৱৰ, ন্যাসৰ অধ্যক্ষ ডঃ শীলা বৰা, ন্যাসৰ সচিব নিশা বৰা, মহেশ বৰা আৰু ডি এফ অ আৰু প্ৰাক্তন অধ্যক্ষ ডঃ ফণী ভূষণ নাথ উপস্থিত থাকে । বিশ্ব গঁড় গঁড় দিৱসৰ উপলক্ষে অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীৰ আঁতধৰে অভয়াৰণ্য খনৰ বনাঞ্চলিক বিষয়া মুকুল তামুলীয়ে ।