মৰিগাঁও, 30 জানুৱাৰী :বিশ্বজুৰি কুষ্ঠ ৰোগ আৰু ইয়াৰ চিকিৎসা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ লক্ষৰে প্ৰতি বছৰে জানুৱাৰী মাহৰ শেষৰ দেওবাৰে আন্তঃৰাষ্ট্ৰীয় কুষ্ঠ দিৱস পালন কৰা হয় (World Leprosy Day 2023) । এইবাৰ ২৯ জানুৱাৰীত এই বিশেষ অনুষ্ঠানটি পালন কৰা হৈছে । এই দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে মৰিগাঁও জিলা প্ৰশাসন, আৰক্ষী বিভাগ, জিলা স্বাস্থ্য বিভাগৰ আৰু জিলা কুষ্ঠৰোগ নিৰাময় বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এক অনুষ্ঠানৰ (World Leprosy Day observe in Morigaon)৷
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও চহৰত এক সজাগতা পদযাত্ৰাৰ কাৰ্যসূচীও ৰূপায়ন কৰা হয় (Awareness Rally of Leprosy in Morigaon)। ইয়াৰ সমান্তৰালকৈ কুষ্ঠৰোগৰ কাৰণ, ইয়াৰ চিকিৎসা আৰু সমাজত কুষ্ঠৰোগীসকলক লৈ থকা মানসিকতা সন্দৰ্ভত মাইক্ৰ’ফোনৰ জৰিয়তে বৰ্ণনা কৰি ৰাইজক সজাগ কৰি তোলে ।
আনকি এই ৰোগ বিধৰ প্ৰতি সমাজত থকা কৌটিকলীয়া অন্ধবিশ্বাস দূৰীকৰণৰ সমদলত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ আশাকৰ্মীসকলেও বিভিন্ন শ্ল’গান দি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে ৷ এওঁলোকৰ লগতে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু এএনএম, জি এন এম, অংগনবাদী কৰ্মীসকলেও এই ৰেলীত অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক :Assam Cabinet in Dibrugarh: মুখ্যমন্ত্ৰীক লগ নাপাই হিয়াভঙা কান্দোন বিশেষভাৱে সক্ষম যুৱতীৰ