মৰিগাঁও, 9 নৱেম্বৰ: ৰাজ্যত প্ৰতিদিনাই বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনাৰ লগতে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ এইবাৰ মৰিগাঁৱৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত তাতিকটা গাৱঁত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ ঘটনা ৷ স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ পৰিণতিত বৰ্তমান চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজিছে আকলিমা খাতুন নামৰ বোৱাৰী গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ পিতৃয়ে পাঁচ গৰাকী লোকৰ বিৰুদ্ধে মৈৰাবাৰী থানাত 592/2020 নম্বৰত ৰুজু কৰিছে গোচৰ৷ কিন্তু আৰক্ষীয়ে গোচৰটো গুৰুত্ব সহকাৰে নলৈ এই পৰ্যন্ত এজনো অভিযুক্তক আটক কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে বোৱাৰী গৰাকীৰ পিতৃয়ে ৷
মৰিগাঁৱত বোৱাৰীক অকথ্য নিৰ্যাতনৰ ঘটনা
স্বামী পৰিয়ালৰ অকথ্য নিৰ্যাতনৰ বলি হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে দুটা সন্তানৰ মাতৃ গৰাকী ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে উচিত তদন্ত নকৰাৰ অভিযোগ বোৱাৰী গৰাকীৰ পিতৃৰ ৷
উল্লেখ্য যে,প্ৰায় দহ বছৰ আগতে তাতিকটা গাঁৱৰ আহমেদ আলীৰ পুত্ৰ জাকিৰ হুছেইনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল আকলিমা খাতুন ৷ বিয়াৰ পাছৰে পৰা ইমান দিনে পৰিয়ালটো ভালদৰে চলি আছিল যদিও হঠা আৰ্থিক ভাৱে জুৰুলা হৈ পৰে জাকিৰ হুছেইনৰ পৰিয়ালটো ৷ যাৰ বাবে বহিঃৰাজ্যত কাম কৰি পৰিয়ালটো পোহপাল দিছে জাকিৰ হুছেইনে ৷ কিন্তু বিগত কিছুদিনৰ পৰা বিভিন্ন কাৰণত কাজিয়াৰ সূত্ৰপাত হৈ আহিছে পৰিয়ালটোৰ মাজত ৷ লগতে জাকিৰৰ পৰিয়ালৰ সদস্য সকলে বিভিন্ন ধৰণে বোৱাৰী আকলিমা খাতুনক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ মাজতে দেওবাৰে সামান্য এটা কথাতে আকলিমা খাতুনক স্বামী গৃহৰ লোকে প্ৰচণ্ড মাৰপিট কৰে ৷ উক্ত ঘটনাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান নগাঁৱত চিকিৎসাধীন অৱস্থাত আছে আকলিমা খাতুন নামৰ দুই সন্তানৰ মাতৃ গৰাকী ৷ ঘটনাৰ উচিত তদন্তৰ লগতে ন্যায়ৰ দাবী কৰিছে বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়কঃকাছাৰত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য