মৰিগাঁও , 21 জানুৱাৰী:মৰিগাঁও জিলাৰ শ’লমাৰী গাঁও পঞ্চায়তত "গ্ৰাম শক্তি" শিবিৰৰ আয়োজন । "মই প্ৰগতি" আঁচনি RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যন নামৰ এক বেচৰকাৰী সংস্থাই এই শিবিৰৰ আয়োজন কৰে ৷ মহিলা সবলীকৰণ,মহিলাসকলৰ শৈক্ষিক,সামাজিক তথা অৰ্থনৈতিক দিশ শক্তিশালী কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হয় এই কাৰ্যসূচী ৷ RGVNৰ ক্ষেত্ৰ বিষয়া ধনীৰাম ডেকাই আঁত ধৰা এই কাৰ্যসূচীত পঞ্চায়তখনৰ বহু সংখ্যক মহিলাই সহযোগ কৰে।
মৰিগাঁৱত মহিলা সৱলীকৰণৰ বিশেষ সজাগতা শিবিৰ - শ’লমাৰী গাঁও পঞ্চায়ত
মৰিগাঁৱৰ শ'লমাৰী গাঁও পঞ্চায়ৰ কাৰ্যালয়ত মহিলা সবলীকৰণৰ বিশেষ সজাগতা শিবিৰ। গ্ৰাম্য অঞ্চলৰ মহিলাসকলক শৈক্ষিক,অৰ্থনৈতিক বিকাশৰ জৰিয়তে দেশৰ অৰ্থনৈতিক ভেঁটি মজবুত কৰাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন ৷
গ্ৰাম্য তথা নিৰক্ষৰ বা বিত্তীয় বিষয়ত অনগ্ৰসৰ মহিলাসকলে কেনেকৈ বিত্তীয় দিশত অগ্ৰাধিকাৰ লাভ কৰাৰ লগতে বিভিন্ন চৰকাৰী আঁচনি সমূহ লাভ কৰিব পাৰে, এই ব্যাখ্যা আগবঢ়াই মৰিগাঁও শাখাৰ এপেক্স বেংকৰ সঞ্চালকে ৷ উপস্থিত থাকে এপেক্স বেংক মৰিগাওঁ শাখাৰ প্ৰৱন্ধক গজেন্দ্ৰ ভৰালী,RGVNৰ জিলা সমন্বয়ক নয়নমণি ভূঞা,ক্ষেত্ৰ বিষয়া ধনিৰাম ডেকা,শ’লমাৰী গাওঁ পঞ্চায়ৰ সভাপতি আমিনুল হক,আৰু ভাৰতীয় ষ্টেট বেংক গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক নকুল চন্দ্ৰ বৰদলৈ লগতে গ্ৰামশক্তিৰ "সখি" বিছন্দী দেউৰী আৰু সংগীতা দেৱী।
আৰু পঢ়ক : তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ল ঐতিহাসিক জোনবিল মেলা