অসম

assam

By

Published : Aug 11, 2020, 8:18 AM IST

ETV Bharat / state

মৰিগাঁৱত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড

বোৱাৰীৰ ৰহস্যজনক মৃত্যুক লৈ মৰিগাঁৱৰ বহাত প্ৰতিক্ৰিয়া । স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে অভিযোগ মৃতকৰ পৰিয়ালৰ । ক্ষেত্ৰী আৰক্ষী থানাত গোচৰ ৰুজু ।

মহিলাৰ স্বামী পৰিয়ালৰ বিৰুদ্ধে অভিযোগ
মৰিগাঁৱত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড

মৰিগাঁও, 11 আগষ্ট :মৰিগাঁও-কামৰূপ(গ্ৰাম্য) জিলাৰ সীমান্তৱৰ্তী ক্ষেত্ৰীত ৰহস্যজনক ভাৱে বোৱাৰীৰ মৃত্যু । সমগ্ৰ ঘটনাক লৈ মৰিগাঁৱৰ বহা আৰু ক্ষেত্ৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি । মৃত মহিলাগৰাকীৰ পিতৃ গৃহ মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বহা গাঁৱত । পৰিয়ালৰ অভিযোগ অনুসৰি,এয়া এক পৰিকল্পিত হত্যাকাণ্ড ।

মৰিগাঁৱত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড

ঘটনাৰ বিৱৰণী মতে,তিনি বছৰ আগতে বহা অঞ্চলৰ ক্ষেত্ৰমহল বিশ্বাসৰ তৃতীয় কন্যা ৰঞ্জিতা বিশ্বাসৰ সামাজিকভাৱে বিবাহ হৈছিল ক্ষেত্ৰীৰ 3নং ঔজাৰি বৰাপাহাৰৰ যদু দাসৰ সৈতে । ইয়াৰ পাচতে তেওঁলোকৰ জীৱনলৈ আহে এটি শিশু কন্যা । পৰৱৰ্তী সময়ত স্বামী যদু দাসৰ লগতে জ্যেষ্ঠ ভাতৃ ৰঞ্জিত দাসে যৌতুকৰ বাবে ৰঞ্জিতাক হেঁচা প্ৰয়োগ কৰাৰ লগতে বিভিন্ন সময়ত শাৰীৰিক নিৰ্যাতন চলাইছিল ৷ ইয়াৰোপৰি,মৃত্যুৰ ভাবুকিও প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰঞ্জিতাৰ পৰিয়ালে ।

অৱশেষত 7 আগষ্টত স্বামী যদু দাসে পত্নী ৰঞ্জিতাক গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে । নিশাই গুৱাহাটী মেডিকেল কলেজত ৰঞ্জিতাক ভৰ্তি কৰোৱা হয় যদিও তেওঁ মৃত্যুক সাৱটি লয় ৷ এই সম্পৰ্কত ৰঞ্জিতাৰ পৰিয়ালে ইতিমধ্যে ক্ষেত্ৰী আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ ৷

লগতে পঢ়ক :খুমটাই ক'ভিড চিকিৎসালয়ত ৰোগীৰ বিহু নৃত্য

ABOUT THE AUTHOR

...view details