অসম

assam

ETV Bharat / state

কুঁৱলিৰ আঁচল ফালি নামিছে শীত - শীতৰ সংবাদ

ধৰাৰ বুকুলৈ এতিয়া শীতৰ আগমণৰ সময় ৷ বাৰিষাৰ ঘনঘোৰ কলীয়া মেঘক অতীত কৰি এতিয়া প্ৰকৃতিৰ বুকুলৈ শীত আহিছে ৷ শীত আৰু কুঁৱলিৰ সংমিশ্ৰণত পথাৰবোৰে পাব নতুন প্ৰাণ , চহা ৰাইজে চকুৰে মণিব নোৱাৰালৈকে ক্ৰমান্বয়ে কৰিব সোণালী ৷ শূন্যলৈ তধা লাগি চালেও পাৰ বিচাৰি নোপোৱা শীতক আমাৰ স্বাগতম ৷

শূন্যলৈ তধা লাগি চালেও পাৰ বিচাৰি নোপোৱা শীতক আমাৰ স্বাগতম

By

Published : Oct 23, 2019, 11:23 AM IST

Updated : Oct 23, 2019, 1:11 PM IST

মৰিগাঁও, 23 অক্টোবৰঃ বাৰিষাৰ ঘনঘোৰ কলীয়া মেঘক অতীত কৰি এতিয়া প্ৰকৃতিৰ বুকুলৈ শীতৰ আগমনৰ সময় ৷ মেঘে সূতা কটাৰ অন্তত এতিয়া আকাশত প্ৰকৃতিয়ে মেলি দিছে আলসুৱা কঁহুৱা শুভ্ৰতা ৷ শীতৰ আগমনৰ লগে লগেই প্ৰাণ পাই উঠে দুবৰি বনে, নিয়ৰৰ স'তে প্ৰেমাস্পদ কৰি জলমলাই উঠে চৌপাশে ৷ শীত আৰু কুঁৱলিৰ সংমিশ্ৰণত পথাৰবোৰেও পাব নতুন প্ৰাণ , পকা ধানে চকুৰে মণিব নোৱাৰালৈকে ক্ৰমান্বয়ে কৰিব সোণালী ৷ উদং নদী খনেও আঁকি দিয়ে চপৰা চপৰে বলুকাৰ বক্ষ, দুৰণিৰ পাহাৰত কুঁৱলিৰ আঁচল ফালি ভাহি আহে শিশুকোমল সূৰ্য ৷ শীতে উতনুৱা কৰে শিমলু , চেঁচা কৰে মানুহৰ প্ৰাণ আৰু প্ৰাচুৰ্য ৷ শীতত সেইবাবেই লুকাই থাকে ৰহস্যময়ী কিছু গোন্ধ ৷

শূন্যলৈ তধা লাগি চালেও পাৰ বিচাৰি নোপোৱা শীতক আমাৰ স্বাগতম

শীত অহা বাবেই এচাম লোকৰ খোল খাই জীৱন জীৱিকাৰ পথ ৷ শীতৰ লগে লগেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাহৰ পাতেহি বহি ৰাজ্যৰ এচাম খাতিখোৱা লোকে ৷ শীত নিবাৰণৰ বাবে আপোনাক প্ৰয়োজন হোৱা লেপ তুলি তৈয়াৰ কৰি দিয়েহি এই সকল লোকে ৷

শীতে কৈ যায় বহু কথা, শূন্যলৈ তধা লাগি চালেও পাৰ বিচাৰি নোপোৱা শীতক সেইবাবেই স্বাগতম ৷

Last Updated : Oct 23, 2019, 1:11 PM IST

ABOUT THE AUTHOR

...view details