মৰিগাঁও,18 ডিচেম্বৰ : তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নতুন বিষয়ববীয়াক আদৰিবলৈ সাজু হৈছে তিৱা স্বায়ত্ব শাষিত পৰিষদ। নকৈ সজোৱা হৈছে পৰিষদৰ মৰিগাঁওস্থিত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যালয়। কাৰ্যলয়ৰ সকলো কোঠা, আচবাব আৰু তোৰণকে ধৰি সকলো ৰং, তুলিকাৰে ঘঁহি পিহি নকৈ সজাই তোলা হৈছে ।
কোনে দখল কৰিব তিৱা স্বায়ত্ব শাষিত পৰিষদ ! - কাৰ্যলয়ৰ সকলো কোঠা
কাইলৈ পুৱা ৮:০০ বজাৰ পৰা আৰম্ভ হ'ব লগা তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা । নতুন কৈ নিৰ্বাচিত হোৱা সদস্য তথা নতুন পাৰিষদ সকলক আদৰিবলৈ সাজু হৈছে তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যলয়।

উল্লেখযোগ্য যে, 36 খন আসন বিশিষ্ট তিৱা স্বায়ত্ব শাষিত পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনৰ শনিবাৰে ভোটগণনা আৰম্ভ হ’ব । ঘোষণা কৰা হ’ব 138 গৰাকী প্ৰাৰ্থীৰ ফলাফল । ফলাফলৰ ঘোষণা হোৱাৰ পিছতেই পৰিষদীয় বিধি অনুসৰি গঠন হ’ব তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নতুন সমিতি। শপত গ্ৰহণ কৰিব মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ, উপাধ্যক্ষ, উপমুখ্য কাৰ্যবাহী সদস্যকে ধৰি পাৰিষদে। সম্প্ৰতি এই সকলক নতুন বিষয় ববীয়াক আদৰিবলৈ এতিয়া অধীৰ আগ্ৰহে ৰৈ আছে তিৱা স্বায়ত্ব শাষিত পৰিষদৰ কাৰ্যলয়ৰ বিষয়া কৰ্মচাৰী তথা তিৱা স্বায়ত্বশাসন পৰিষদৰ মুখ্য কাৰ্যালয় ।
লগতে পঢ়কঃ গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী