অসম

assam

ETV Bharat / state

অস্বাভাৱিকভাৱে শুকাবলৈ ধৰিছে পবিতৰা অভয়াৰণ্য়ৰ জলাশয় - পবিতৰাৰ অভয়াৰণ্যৰ তামুলীডুবা বিল

শীত নামি অহাৰ লগে লগে বিশ্ববিশ্ৰুত এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ বিলখাল,জলাশয়ত আলহী পক্ষীৰ কলৰৱে মুখৰিত কৰিছে অভয়াৰণ্যখনৰ চৌপাশ । হাজাৰ হাজাৰ বিদেশী পক্ষীৰ আগমণত প্ৰাণ পাই উঠিছে পবিতৰাৰ তামুলীডুবা । চিন্তিত প্ৰকৃতি প্ৰেমী ।

Tamuli Duba Beel of Pabitra Sanctuary
পবিতৰাৰ অভয়াৰণ্যৰ তামুলীডুবা

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 1:07 PM IST

পবিতৰাৰ অভয়াৰণ্যৰ তামুলীডুবা

মৰিগাঁও, ২৮ নৱেম্বৰ :শীতৰ আগমনৰ লগে লগে অসমলৈ আগমন ঘটে লাখ লাখ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ । এই পৰিভ্ৰমী পক্ষীকিছু সময়ৰ বাবে থাকি পুনৰ আন ঠাইলৈ যায় । যাৰ বাবে এই পক্ষীবোৰক আলহী পক্ষী বা অতিথি পক্ষী আদি বিভিন্ন নামেৰে নামাকৰণ কৰা হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শীতৰ আগমনৰ লগে লগে পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰে । ঐতিহাসিক বিল, জলাশয় আদিত এই দৃশ্য সুলভ হৈ উঠে ।

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আহলী পক্ষীৰ আগমণৰ সময়তে মৰিগাঁও জিলা পবিতৰা অভয়াৰণ্য়ৰ জলাশয়কলৈ উদ্ধিগ্ন হৈ পৰিছে প্ৰকৃতি সকল । কাৰণ নৱেম্বৰতে শুকাবলৈ ধৰিছে পানী । মৰুভূমি সদৃশ হৈ পৰিব নেকি পবিতৰাৰ অভয়াৰণ্যৰ মুখ্য আকৰ্ষণ তামুলীডুবা ? নোহোৱা হ'ব নেকি আলহী পক্ষীৰ সমাগম । শুকাইছে তামুলীডুভাৰ জলস্তৰ ।

উদ্বেগজনকভাৱে হ্রাস পাইছে পবিতৰা অভয়াৰণ্যৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু তামুলীডুবা বিলৰ জলস্তৰ । পবিতৰা অভয়াৰণ্যৰ জীৱ- জন্তুৰ অন্যতম মুখ্য বাসস্থান তামুলীডুবা বিলৰ বৃহৎ অংশত সৃষ্টি হৈছে তৰাং পৰিৱেশ । এই বৃহৎ জলাশয়টো প্রত্যক্ষ কৰিলে এতিয়া দৃশ্যমান হয় এক তৰাং পৰিৱেশ ৷ এই বৃহৎ জলাশয়টো শীতৰ বতৰত হাজাৰ হাজাৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণ থলী হৈ পৰে । ফলত পৰ্যটকৰ আকৰ্ষণৰ মূল কেন্দ্ৰ বিন্দু হৈ পৰে এই বিলখন । কিন্তু শীত শেষ নহওঁতেই জলাশয়টোৰ জলস্তৰ হ্ৰাস পোৱাত আগতীয়াকৈ বিদায় ল'ব লগা হ'ব পক্ষীকূলে ।

এই বিশাল এলেকাত বাৰিষাৰ সময়ত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে এতিয়া খৰালিত এনে পৰিবেশে বিৰাজ কৰিছে । বাৰিষাত মাত্ৰাধিক হাৰত পলস পৰি তামুলীডুবা বিলৰ জলস্তৰ ক্ৰমাৎ হ্ৰাস পাইছে । পূৰ্বতে যি স্থানত আছিল কেৱল পানী আৰু পানী সেই স্থানত এতিয়া খৰাং পৰিৱেশ । অস্বাভাৱিক হাৰত তামুলীডুবা বিলৰ জলপৃষ্ঠ শুকাই যোৱা দেখি চিন্তিত স্থানীয় ৰাইজ আৰু প্ৰাকৃতিক প্ৰেমী ৷ কি হ'ব ভবিষ্যত পবিতৰা অভয়াৰণ্যৰ পৰ্যটক ক্ষেত্ৰত ।

লগতে পঢ়ক:APSC কেলেংকাৰীৰ গোচৰত SIT ৰ জেৰাৰ সন্মুখীন হ’ব দুই ACS বিষয়া আকাশী দুৱৰা আৰু ত্ৰিদীপ ৰয়

ABOUT THE AUTHOR

...view details