মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ৰাতিপুৱা ১১.৩০ বজাত মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত খেলৰ সামগ্ৰী বিতৰণ কৰা হয় । জিলা উপায়ুক্ত শ্ৰীমতী লীনা দাসৰ অধ্যক্ষতাত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ অধীনত খেলৰ সামগ্ৰী বিতৰকৰা হয় । এই অনুষ্ঠানত মৰিগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও টাউন হাইস্কুল, মৰিগাঁও এম ভি স্কুল আৰু চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় মুঠ ৫ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰীসকলৰ হাতত জিলা উপায়ুক্তই দুটাকৈ ভলীবল আৰু নেট আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।
ৰাজ্যপাল ছোৱালী ভলীবল অভিযানৰ অধীনত মৰিগাঁৱত ভলীবল বিতৰণ - জিলা উপায়ুক্ত লীনা দাস
মৰিগাঁৱত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ খেলৰ সামগ্ৰী বিতৰণ । জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত খেলৰ সামগ্ৰী বিতৰণ । জিলা খনৰ সৰ্বমুঠ ১৮২ খন বিদ্যালয়ত ৰাজ্যপাল ছোৱালী ভলীবল অভিযানৰ অধীনত দুটাকৈ ভলীবল আৰু নেট প্ৰদান কৰা হৈছে ।
উল্লেখযোগ্য যে, জিলা খনৰ সৰ্বমুঠ ১৮২ খন বিদ্যালয়ত ৰাজ্যপাল ছোৱালী ভলীবল অভিযানৰ অধীনত দুটাকৈ ভলীবল আৰু নেট প্ৰদান কৰা হৈছে । বৃহস্পতিবাৰৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত শ্ৰীমতী দেৱযানী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত ক্ষীতিচ চন্দ্ৰ পেগু, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত কমল জ্যোতি গগৈ, ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(সংলগ্ন) শ্ৰী বিক্ৰমজিত বৰা প্ৰমুখ্যে নিমন্ত্ৰিত বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰীসকল উপস্থিত আছিল । এই কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জালুগুটি হায়াৰ চেকেণ্ডাৰী আৰু মৰিগাঁও টাউন হাইস্কুলৰ ছাত্ৰীসকলৰ মাজত এখন প্ৰীতি ভলীবল খেল অনুষ্ঠিত কৰা হয় । এই খেলখনৰ ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) শ্ৰী বিক্ৰমজিত বৰাই উদ্বোধন কৰে ।
লগতে পঢ়ক:হাইলাকান্দিত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ