অসম

assam

ETV Bharat / state

মৰিগাঁৱৰ ১৮২ খন বিদ্যালয়ত ভলীবল বিতৰণ - জিলা উপায়ুক্ত লীনা দাস

ৰাজ্যপাল ছোৱালী ভলীবল অভিযানৰ অধীনত মৰিগাঁৱত । জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত খেলৰ সামগ্ৰী বিতৰণ । জিলা খনৰ সৰ্বমুঠ ১৮২ খন বিদ্যালয়ত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ অধীনত দুটাকৈ ভলীবল আৰু নেট প্ৰদান কৰা হৈছে ।

মৰিগাঁৱত ভলীবল বিতৰণ
মৰিগাঁৱত ভলীবল বিতৰণ

By

Published : Feb 25, 2021, 9:40 PM IST

মৰিগাঁও, ২৫ ফেব্ৰুৱাৰী: মৰিগাঁৱত ৰাজ্যপাল ছোৱালী ভলীবল অভিযানৰ অধীনত খেলৰ সামগ্ৰী বিতৰণ কৰা হয় । বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিতৰণ কৰা হৈছে ভলীবল আৰু নেট । জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত ৰাজ্যপাল ছোৱালী ভলীবল অভিযানৰ অধীনত খেলৰ সামগ্ৰী বিতৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

এই অনুষ্ঠানত মৰিগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও টাউন হাইস্কুল, মৰিগাঁও এম ভি স্কুল আৰু চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয় মুঠ ৫ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰীসকলৰ হাতত জিলা উপায়ুক্তই দুটাকৈ ভলীবল আৰু নেট আনুষ্ঠানিকভাৱে প্ৰদান কৰে । উল্লেখযোগ্য যে, জিলা খনৰ সৰ্বমুঠ ১৮২ খন বিদ্যালয়ত ৰাজ্যপাল ছোৱালী ভলীবল মিচনৰ অধীনত দুটাকৈ ভলীবল আৰু নেট প্ৰদান কৰা হৈছে ।

মৰিগাঁৱত ভলীবল বিতৰণ

বৃহস্পতিবাৰৰ অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিচ চন্দ্ৰ পেগু, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ কমল জ্যোতি গগৈ, ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(সংলগ্ন) বিক্ৰমজিত বৰা প্ৰমুখ্যে নিমন্ত্ৰিত বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰীসকল উপস্থিত আছিল ।

মৰিগাঁৱত ভলীবল বিতৰণ

এই কাৰ্যসূচীৰ অংশ হিচাপে মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত জালুগুটি হায়াৰ চেকেণ্ডাৰী আৰু মৰিগাঁও টাউন হাইস্কুলৰ ছাত্ৰীসকলৰ মাজত প্ৰীতি ভলীবল খেল এখনো অনুষ্ঠিত কৰা হয় । এই খেলখনৰ ভাৰপ্ৰাপ্ত জিলা ক্ৰীড়া বিষয়া তথা মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া (সংলগ্ন) বিক্ৰমজিত বৰাই উদ্বোধন কৰে ।

লগতে পঢ়ক:মৰিগাঁৱত দক্ষতা বিকাশৰ বিশেষ প্ৰশিক্ষণ শিবিৰ

ABOUT THE AUTHOR

...view details