মৰিগাঁও, ২১ মাৰ্চ :নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চাপৰমুখত তীব্ৰ উত্তেজনা । পিটনিত এটা পিষ্টল উদ্ধাৰক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিৱেশ অঞ্চলটোত (Pistol recovered in Chaparmukh)। সম্প্ৰতি আৰক্ষীয়ে জব্দ কৰিছে পিষ্টলটো । কিন্তু ক'ৰ পৰা আহিল পিষ্টলটো ? কোনে আৰু কিয় পিটনিত পেলাই দিলে পিষ্টলটো ? তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য যে মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী ৰহাৰ সৰিয়হতলী মিকিৰগাঁৱত সোমবাৰে এটা পিষ্টল উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হৈছে (Tension over pistol recovery)। জানিব পৰা মতে চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত ভিতৰুৱা সৰিয়হতলী মিকিৰগাঁৱৰ পথাৰৰ পিটনিত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে পিষ্টলটো । একাংশ স্থানীয় লোকে উদ্ধাৰ কৰে পিষ্টলটো ।
পথাৰলৈ যোৱা অঞ্চলটোৰ কোনো লোকে পিষ্টলটো পিটনিত পৰি থকা দেখি চাপৰমুখ আৰক্ষীক খবৰ দিয়ে (Villagers recovered pistol from wetland)। খবৰ পোৱাৰ লগে লগে চাপৰমুখ আৰক্ষী সেই স্থানত উপস্থিত হয় আৰু পিটনিৰ পৰা পিষ্টলটো উদ্ধাৰ কৰে । উদ্ধাৰৰ পাছতে পিষ্টলটোৰ পৰীক্ষা নিৰীক্ষা কৰে । আৰক্ষীয়ে জনোৱা মতে সেইটো আচলতে এয়াৰগান হে । সম্প্ৰতি নিষ্ক্ৰিয় বুলি আৰক্ষীয়ে জনাইছে ।