মৰিগাঁও, 21 ডিচেম্বৰ : বৃহস্পতিবাৰে মৰিগাঁৱত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই মৰিগাঁও পৌৰসভাৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিভিন্ন বিভাগে মুকলি কৰা বিপণিসমূহ পৰিদৰ্শন কৰে ৷
মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত এখন সভাত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ কোনো যোগ্য ব্যক্তি চৰকাৰৰ আঁচনিসমূহৰ পৰা যাতে বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰা আৰু চৰকাৰী আঁচনিসমূহৰ ক্ষেত্ৰত মধ্যভোগীৰ হস্তক্ষেপ সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ ৰাইজৰ বিকাশেই দেশৰ বিকাশ বুলি উল্লেখ কৰি কয় যে এইখন চৰকাৰ ৰাইজৰ দুৱাৰমুখত থকা চৰকাৰ ৷ ৰাইজৰ দুৱাৰমুখৰ পৰা ৰাইজৰ সমস্যাসমূহৰ বুজ লোৱা এই কাৰ্যসূচীৰ অন্যতম উদ্দেশ্য বুলি তেওঁ উল্লেখ কৰে ৷
মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱা মানে কেৱল পৰিয়ালটোৱে নহয়, সমাজখনেই এটা মানৱ সম্পদ হেৰুৱাবলগীয়া হয় ৷ পথ সুৰক্ষা সুনিশ্চিত কৰাটো সামূহিক দায়িত্ব বুলি তেওঁ মন্তব্য কৰে ৷ জল জীৱন অভিযান, অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে আয়ুষ্মান কাৰ্ডৰ অধীনত বছৰি 5 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা আগবঢ়োৱা হৈছে ৷ তেওঁ যোগ্যসকলক ইয়াৰ সুবিধা ল'বলৈ আহ্বান জনায় ৷