মৰিগাঁও, ১৮ জুন: মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাট-পথত থকা গাঁতবোৰ বাৰিষাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পূৰ্বেই পুতিব লাগিব । পিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা যে ধোঁৱা চাঙত উঠিল । কিয়নো সৌ সিদিনা মহানগৰীত এটা গাঁতত পৰি এগৰাকী ছাত্ৰী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত পথৰ দ-গাঁত বাবেই পুনৰ সংঘটিত হ'ল আন এক পথ দুৰ্ঘটনা ।
পিছে এইবাৰ গুৱাহাটী নহয় মৰিগাঁৱত প্ৰকাণ্ড গাঁতত সোমাই দুৰ্ঘটনাত পতিত এখন অলট' বাহন । মৰিগাঁও জাগীৰোড সংযোগী বিধস্ত পথে নিতৌ জলা-কলা খুৱাই আহিছে জনসাধাৰণ তথা যান-বাহনৰ চালকক । সংঘটিত হৈ আহিছে ইটোৰ পিছত সিটোকৈ দুৰ্ঘটনা । পুনৰ দেওবাৰে উক্ত জাগীৰোড-মৰিগাঁও পথৰ শুখনাগুগ পথত থকা প্ৰকাণ্ড গাঁতত পৰি দুৰ্ঘটনাত পতিত হয় ML 04 B3116 নম্বৰৰ এখন বাহন ।
ঘটনাৰ বিৱৰণী অনুসৰি দুৰ্ঘটনাত পতিত হৈ বাহনখন ৰাজপথৰ পৰা গৈ পথাৰত পৰি যোৱাৰ ফলত বাহনখনত থকা কেইবাজন যাত্ৰী আহত হয় । আহত যাত্ৰীক কেইগৰাকীক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চালক আৰু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথচোৱাত থকা দ-গাঁতত পানীৰে ভৰি থকাৰ বাবে সংঘটিত হয় এই দুৰ্ঘটনা ।