মৰিগাঁও, 3 ফেব্ৰুৱাৰী : মৰিগাঁৱত দেওবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অসম গাঁওৰক্ষী বাহিনীৰ 71 সংখ্যক প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিবসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰি নাৰায়ণ দত্ত বৰুৱাৰ প্ৰতিচ্ছবিত ম্যালাৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ পাছত এক শোভাযাত্ৰা উলিওৱা হয় । দুপৰীয়া মৰিগাঁও গান্ধী ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন মুকলি সভা ৷ মুকলি সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ৷ আনহাতে সভাখন পৰিচালনা কৰে জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ মুখ্য সহায়ক পৱন সিংহই ৷ সভাত অসমৰ আৰক্ষীৰ চি আই ডি বিভাগৰ ডি আই জি সুৰেন্দ্ৰ কুমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি 'মানৱ সৰবৰাহকাৰী আৰু সজাগতা' শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷ তেওঁ নবেম্বৰ মাহত মৰিগাঁও জিলাৰ এক মানৱ সৰবৰাহৰ উদাহৰণ দাঙি ধৰাৰ লগতে ইয়াৰ প্ৰতিকাৰৰ সন্দৰ্ভত বাস্তৱসন্মত ব্যাখ্যা আগবঢ়াই সকলোকে সজাগ হৈ সামাজিক সেৱা আগবঢ়াবলৈ আহ্বান জনায় ।
গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন - চি আই ডি
মুকলি সভাত অসমৰ আৰক্ষীৰ চি আই ডি বিভাগৰ ডি আই জি সুৰেন্দ্ৰ কুমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মানৱ সৰবৰাহকাৰী আৰু সজাগতা শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ৷
ডি আই জি সুৰেন্দ্ৰ কুমাৰে মুকলি সভাত ৰাজ্যৰ গাঁওৰক্ষী বাহিনীৰ আদৰ্শৰে দেশৰ আন আন প্ৰান্তৰৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে গাঁওৰক্ষী বাহিনীৰ গঠন কৰাৰ বাবে আগ্ৰহী বুলি মন্তব্য কৰি গাঁওৰক্ষীৰ সকলো কৰ্মকৰ্তাক দেশৰ বাবে আদৰ্শ হৈ থাকিবলৈ আহ্বান জনায় । তেওঁ বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ ডান্স অকেষ্টাৰত নৃত্য কৰিবলৈ নিয়া মৰিগাঁৱৰ 15 গৰাকী কিশোৰ কিশোৰীক আৰক্ষীয়ে উদ্ধাৰ কৰাৰ বিষয়ে সভাত উল্লেখ কৰে । সভাত অসম গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা পাৰ্থ প্ৰতিম দাস, মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পলাশ আহোম, মৰিগাঁও জিলা গাঁওৰক্ষী বাহিনী সভাপতি মণিমালা শইকীয়া, উপ আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱা, উপ আৰক্ষী অধীক্ষক লুইত তালুকদাৰ, চি বি ডি অ' অম্বুৰাম বৰা, দিগন্ত কলিতাৰ লগতে প্ৰায় পাঁচ শতাধিক গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা উপস্থিত থাকে ৷
লগতে পঢ়ক : প্ৰতিবাদৰ মাজতে পৰেশ বৰুৱাক আলোচনালৈ আহ্বান শৃংখল চলিহাৰ