অসম

assam

ETV Bharat / state

স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত সুহাসিনী শেখাৱত

আজি স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ জীয়ৰী সুহাসিনী শেখাৱত । শেখাৱতে হিমা দাস আৰু পিতৃ-মাতৃক সাক্ষাৎ কৰি উৎফুল্লিত হৈ পৰে ৷

By

Published : Jan 11, 2021, 1:34 PM IST

Updated : Jan 11, 2021, 2:19 PM IST

Union Minister daughter Suhasini sekhawat visit  Hima Das's house
স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰীৰ জীয়ৰী সুহাসিনী শেখাৱত

মৰিগাঁও,11 জানুৱাৰী: আজি পুৱাই স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত উপস্থিত হয় কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতৰ জীয়ৰী সুহাসিনী শেখাৱত । হিমা দাসৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি মত-বিনিময় কৰে সুহাসিনী শেখাৱতে । ধিঙৰ কান্দুলীমাৰীৰ হিমাৰ গাঁৱত উপস্থিত হৈ উৎফুল্লিত হৈ পৰে সুহাসিনী শেখাৱত ।

স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰীৰ জীয়ৰী সুহাসিনী শেখাৱত

অতি পিছপৰা এখন গাঁৱৰ পৰা বিশ্ব দৰবাৰত জিলিকি উঠিবলৈ সক্ষম হোৱা বাবে হিমাৰ পৰিয়ালবর্গক ধন্যবাদ জনায় শেখাৱতে ৷ আনহাতে, হিমাৰ পৰিয়ালেও উষ্ম আদৰণি জনাই শেখাৱতক ।

উল্লেখ্য যে, সুহাসিনী শেখাৱত এগৰাকী নদী বিশেষজ্ঞ । শেখাৱতে এটি গৱেষকৰ দলৰ সৈতে উপস্থিত হয় ধিঙত । এই দলটিয়ে 'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ অভিযান' নামেৰে এটি অভিযানৰ জৰিয়তে চিয়াঙৰ পৰা বাংলাদেশ সীমান্তলৈ জলপথেৰে এক যাত্ৰা আৰম্ভ কৰিছে । তেওঁলোকৰ লক্ষ্য 'Living with the river' । এই গৱেষক দলটোৱে ইতিমধ্যে গংগা নদীত এনে অভিযান সমাপ্ত কৰি ব্ৰহ্মপুত্ৰত চলাইছে গৱেষণা । প্ৰাচীন সভ্যতাসমূহ যিহেতু নদীৰ পাৰতে আছিল সেয়ে পুনৰ নদী ভিত্তিক সভ্যতা গঢ়িব পাৰি নেকি তাৰ উদ্দেশ্যৰে দিল্লীৰ গৱেষক দলটোৱে চলাইছে এই অভিযান ।

অন্য এক খবৰৰ বাবে: আজি শিলচৰৰ বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব জে পি নাড্ডাই

Last Updated : Jan 11, 2021, 2:19 PM IST

ABOUT THE AUTHOR

...view details