মৰিগাঁও, 2 জুলাই:ৰাজ্যজুৰি অব্যাহত আছে বানৰ ধ্বংসলীলা (Flood in Assam 2022) ৷ বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে বহু পৰিয়াৰ ঘৰ-বাৰী তথা শ শ কৃষিভূমি ৷ বানত সৰ্বস্ৰান্ত হৈ এতিয়া দিশহাৰা বানাক্ৰান্ত ৰাইজ ৷ শুকুৰবাৰে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ এটি দলে (Union Home Ministry team visited flood effected area) বান পৰিস্থিতি পৰ্যবেক্ষণৰ লগতে বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মৰিগাঁও জিলাত ৷
প্ৰথমে, পুৱা ১০.৩০ বজাত মৰিগাঁৱৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ (DC Prakash Ranjan Gharphalia) পৌৰাহিত্বত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত ভাগ লয় কেন্দ্ৰীয় দলটোৰ বিত্ত মন্ত্ৰালয়ৰ উপ সঞ্চালক মহেশ কুমাৰ ৷