অসম

assam

ETV Bharat / state

উৎকট গৰম , চাৰিওফালে আৱৰ্জনা তাৰ মাজতে এন আৰ চিৰ শুনানি

বিকল বাতানুকূল যন্ত্ৰৰ উপৰিও বিশালাকাৰৰ কোঠালিটো ভৰি পৰিছে আৱৰ্জনাৰে । কি চিৰি,কি দেৱাল সকলোতে তামোল,পান,গুটখাৰ পিক।

By

Published : Apr 25, 2019, 7:06 PM IST

উৎকট গৰম , চাৰিওফালে আৱৰ্জনা তাৰ মাজতে এন আৰ চিৰ শুনানি

মৰিগাঁও , 25 এপ্ৰিল : স্বচ্ছ ভাৰত অভিযানৰ সফল ৰূপায়নৰ বাবে এতিয়াও বহু দূৰ বাকী ৷ চৰকাৰী কাৰ্যালয়সমূহেই দাঙি ধৰিছে ইয়াৰ প্ৰমাণ ৷ চৰকাৰৰ স্বচ্ছ ভাৰত শ্লোগানক বুঢ়া আঁগুলি দেখুৱাই চৰকাৰী কাৰ্যালয়তে অস্বাস্থ্যকৰ পৰিবেশতে অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানি । মৰিগাঁৱত উৎকট গৰম ,থু খেকাৰ ,তামোলৰ পিক,লেতেৰা,আৰ্বজনাৰ মাজতে হাজাৰ-হাজাৰ লোকৰ শুনানি গ্ৰহণ ৷

উৎকট গৰম , চাৰিওফালে আৱৰ্জনা তাৰ মাজতে এন আৰ চিৰ শুনানি

মৰিগাঁও জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় এটা বাতানুকূল কোঠালিত গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুনানি । কিন্তু এই বাতানুকূল কোঠালিতে কোঠালিটোতে বৃহস্পতিবাৰে এন আৰ চিৰ শুনানিৰ বাবে অহা জনসাধাৰণে বিচনী ,ৰুমাল ঘূৰাই তৎ নোপোৱা অৱস্থা । বিকল বাতানুকূল যন্ত্ৰৰ উপৰিও বিশালাকাৰৰ কোঠালিটো ভৰি পৰিছে আৱৰ্জনাৰে । কি চিৰি,কি দেৱালৰ চোক সকলোতে তামোল,পান,গুটখাৰ পিক।
স্বচ্চভাৰতৰ শ্লগান আঁওৰাই থকাৰ সময়তে মৰিগাঁও জিলা গ্ৰামোন্নয়ন বিভাগৰ এইটো শুনানি কেন্দ্ৰই দাঙি ধৰিছে প্ৰকৃত স্বৰূপ।

ABOUT THE AUTHOR

...view details