মৰিগাঁও, 24 অক্টোবৰঃ মৰিগাঁও জিলাৰ ধিঙত এখন ব্যতিক্ৰমী দুৰ্গা পূজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ অন্যান্য পূজাৰ পৰা কিছু ব্যতিক্ৰম এইখন পূজা ৷ কাৰণ জাক-জমকতাৰ বিপৰীতে সম্পূৰ্ণ জাতীয় স্বকীয়তাৰে জিলিকি উঠিছে ধিঙৰ এইখন ব্যতিক্ৰমী পূজা ৷
ইফালে দেবী দুৰ্গাক পৰিধান কৰোৱা হৈছে অসমীয়া জাতীয় সাজপাৰ চাদৰ-মেখেলা ৷ অকল দেৱী দুৰ্গাকেই নহয় অন্যান্য দেৱতা সকলকো পৰিধান কৰোৱা হৈছে অসমীয়া সাজপাৰ ৷ ধিঙৰ নেপালী গাঁৱত উদযাপন কৰা হৈছে এই পূজা ৷