মৰিগাঁও, 24 মাৰ্চ:ৰাজ্যজুৰি চোৰাংভাৱে সৰবৰাহ কৰা সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই থকাৰ সময়তে ক্ৰমাৎ বৃদ্ধি হৈছে নকল সোণৰ সৰবৰাহৰ ঘটনা (Operation Against fake gold) ৷ এইবাৰ মৰিগাঁও জিলাৰ ধৰমতুলত নেলী আৰক্ষীয়ে নকল সোণৰ নাও সহ, এখন পালচাৰ বাইক, তিনিটা মোবাইল আৰু দুজন লোকক আটক কৰা হৈছে (smugglers arrested) ৷
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি মতে বুধবাৰে নিশা নেলী আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ধৰমতুলত এক অভিযান চলায় ৷ এই অভিযানত নেলী আৰক্ষীয়ে AS02AE8250 নম্বৰৰ পালচাৰ মটৰ চাইকেল এখন জব্দ কৰাৰ লগতে তিনিটা মোবাইল ফোন জব্দ কৰে (Mobile phones seized)। আটকাধীন দুই সৰবৰাহকাৰী দুটা উত্তৰ লখিমপুৰ আবু কালাম আৰু মঃ আলাউদ্দিন বুলি জানিব পৰা গৈছে (smugglers arrested along with Fake gold)৷
ইফালে বুধবাৰে জাগীৰোড আৰক্ষীৰ অভিযানত ৬ খন নকল সোণৰ নাও জব্দ । বুধবাৰে নিশা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৬ টা মোবাইলসহ চাৰিটা নকল সোণ সৰবৰাহকাৰী আটক কৰে ৷ আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া মতে আটকাধীন সৰবৰাহকাৰীকেইটা লখিমপুৰৰ নাওবৈচাৰ আবু তাহেৰ, ফাইজুল ইছলাম, কামৰূপ গ্ৰাম্যৰ ক্ষেত্ৰী কাহিকুছিৰ ৰিংকুমণি আলী আৰু মৰিগাঁও জিলাৰ ধৰমতুলৰ জাহিদুল ইছলাম।