অসম

assam

ETV Bharat / state

মৰিগাঁও সদৰ আৰক্ষী নিবেশত কৰ'ণাতংক - ৪৩ গৰাকীক ক'ভিড এন্টিজেন পৰীক্ষা

মৰিগাঁও সদৰ আৰক্ষী নিবেশত কৰ'ণাতংক । ৪৩ গৰাকীক ক'ভিড এন্টিজেন পৰীক্ষা । ইয়াৰে এগৰাকী মহিলা আৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দেহত ক'ভিড পজিটিভ ।

Morigaon police
মৰিগাঁও সদৰ আৰক্ষী নিবেশত কৰ'ণাতংক

By

Published : May 15, 2021, 4:25 PM IST

মৰিগাঁও, ১৫ মে': মহামাৰীৰ সংকট কালতো দিনে-নিশাই জনগণৰ সুস্বাস্থ্যৰ স্বাৰ্থত নিজৰ জীৱনকো তুচ্ছ কৰি কৰ্তব্য সেৱাত নিয়োজিত হৈ আহিবলগীয়া হৈছে আৰক্ষীৰ লোকসকল । চৰকাৰে বান্ধি দিয়া কঠোৰ নিয়মাৱলীসমূহ একাংশ অসচেতন ৰাইজে পালন নকৰা সকলৰ বিৰুদ্ধে কঠোৰ পথ অৱলম্বন কৰিবলগীয়া হৈছে যদিও তেওঁলোক বাধ্য । সংকট কালতো নিষ্ঠাৰে নিজৰ সেৱা পালন কৰি আহিছে এইসকল লোক । ৰাইজৰ সেৱা আগবঢ়াই অহা এইসকল আৰক্ষী লোকৰ সজাগৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে মৰিগাঁও সদৰ আৰক্ষী নিবেশত চেনিটাইজেচন কৰাৰ উপৰিও ক'ভিড এন্টিজেন পৰীক্ষা কৰা হয় ।

মৰিগাঁও সদৰ আৰক্ষী নিবেশত কৰ'ণাতংক

এই পৰীক্ষাত এগৰাকী মহিলা আৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । মহিলা কনিষ্টবলগৰাকীৰ স্বাস্থ্যৰ কিছু তাৰতম্য ঘটাত পৰীক্ষা কৰোৱা হয় । পৰীক্ষাত তেওঁৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰে । উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে, থানাত উপস্থিত থকা ৪৩ জনৰ ৰেণ্ডম টেষ্ট কৰাত আন এজন গৃহৰক্ষী জোৱানৰো পজিটিভ ধৰা পৰে । ইয়াৰ পিছতেই মৰিগাঁও সদৰ আৰক্ষী নিবেশৰ লগতে আৰক্ষী নিবেশৰ গাতে লাগি থকা ১২৪ নং চি আৰ পি এফ বেটেলিয়ানৰ চৌহদত এচ ডি আৰ এফৰ তৰফৰ পৰা চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হয় । মৰিগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ বৰাই অতি জৰুৰী কাম নাথাকিলে জনসাধাৰণে ফোনযোগে যোগাযোগ কৰিলেই সমস্যা সমাধান কৰাৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক: জোনাইত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

ABOUT THE AUTHOR

...view details