অসম

assam

কৰ'ণা মহামাৰীৰ বাবে দ্ধিতীয়বাৰলৈ বাতিল জাগীৰোড থানাৰ উদ্বোধনী অনুষ্ঠান

By

Published : Aug 12, 2020, 4:33 PM IST

কৰ'ণা মহামাৰীৰ বাবে দ্ধিতীয়বাৰৰ বাবে বাতিল জাগীৰোড থানা উদ্বোধনী অনুষ্ঠান ৷ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল উদ্বোধনী অনুষ্ঠানত ৷ থানা খনৰ দুগৰাকীকৈ আৰক্ষী ক'ভিড-19 ত আক্ৰান্ত হোৱাৰ বাবে বাতিল কৰা হৈছে উদ্বোধনী অনুষ্ঠান ৷

Two Police Corona Positive In Jagiroad Police Sation
কৰ'ণা মহামাৰীৰ বাবে দ্ধিতীয়বাৰলৈ বাতিল জাগীৰোড থানাৰ উদ্বোধনী অনুষ্ঠান

মৰিগাঁও, 12 আগষ্ট :ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ চৰকাৰ তথা প্ৰশাসন সকলো সময়তে সষ্টম হৈ থকাৰ পিচতো ৰোধ কৰিব পৰা নাই কৰ'ণা ভাইৰাছৰ গণ সংক্ৰমণ ৷ বুধবাৰে পুনৰ জাগীৰোড আৰক্ষী থানাৰ দুগৰাকীকৈ বিষয়া ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আক্ৰান্ত বিষয়া দুজন জাগীৰোড থানাৰ আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়া আৰু বিনয় মালাকাৰ বুলি জানিব পৰা গৈছে ৷

ইফালে, বুধবাৰে মৈত্ৰী আঁচনিৰ অধীনত জাগীৰোড আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল ৷ কিন্তু আৰক্ষী থানাখনৰ দুগৰাকীকৈ বিষয়া ক'ভিড পজিটিভ হোৱাৰ বাবেই বাতিল কৰা হয় উদ্বোধনী অনুষ্ঠান ৷ জানিব পৰা মতে, কৰ'ণা মহামাৰীৰ বাবে 2 বাৰকৈ বাতিল কৰা হৈছে থানা খনৰ উদ্বোধনী অনুষ্ঠান ৷

কৰ'ণা মহামাৰীৰ বাবে দ্ধিতীয়বাৰলৈ বাতিল জাগীৰোড থানাৰ উদ্বোধনী অনুষ্ঠান

উল্লেখযোগ্য যে, 11 আগষ্টত নিশা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি, অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 64406 গৰাকী ৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা 45073 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 19175 গৰাকী ৷ মৃত্যু হোৱা ৰোগীৰ সংখ্যা 155 গৰাকী ৷

লগতে পঢ়ক : সোণাৰিৰ বেঙেনাবাৰী পঞ্চায়তত ৰাইজৰ সাহাৰ্যৰ বাবে অহা চাউল চুৰি

ABOUT THE AUTHOR

...view details