অসম

assam

ETV Bharat / state

জালনোটসহ মৰিগাঁও আৰক্ষীৰ জালত দুই দুৰ্বৃ্ত্ত

মৰিগাঁৱত আৰক্ষী আৰু জালনোট ব্যৱসায়ীৰ মাজত গুলীয়াগুলি ৷ আৰক্ষীৰ জালত জালনোটসহ ব্যৱসায়ী ৷ অভিযানত জব্দ ১৩,৪০,০০০ জালনোট ।

By

Published : Aug 9, 2020, 5:07 AM IST

fake currency
fake currency

মৰিগাঁও, 8 আগষ্ট : জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধে মৰিগাঁৱত আৰক্ষীৰ অভিযান ৷ পলায়ন কৰিবলৈ চেষ্টা কৰা দুই জালনোট ব্যৱসায়ীক কৰায়ত্ব কৰিবলৈ গুলীচালনা মৰিগাঁও আৰক্ষীৰ অভিযান কাৰী দলৰ । মৰিগাঁও আৰক্ষীৰ নৈশ অভিযানত জব্দ ১৩,৪০,০০০ জালনোট । এই সফল অভিযানৰ নেতৃত্ব দিয়ে মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই ।

শনিবাৰে নিশা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাৰ নেতৃত্বত মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত লাওতলী গাঁৱত চলোৱা হয় অভিযান । মৰিগাঁৱৰ আৰক্ষী অধীক্ষকসহ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ ভিত্তিত জালনোট ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে অভিযান চলায় লাওতলী গাঁৱত । আৰক্ষীৰ সম্ভেদ পাই দুৰ্বৃত্তৰ চক্ৰটোৱে পলাবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয় অভিযানকাৰী আৰক্ষীয়ে । দুজন জালনোট প্ৰস্তুতকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ৷

জালনোটসহ মৰিগাঁও আৰক্ষীৰ জালত দুই দুৰ্বৃ্ত্ত

অভিযানত উদ্ধাৰ হয় ১৩,৪০,০০০ নকল টকা । মৰিগাঁও আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জালনোট প্ৰস্তুতকাৰী চিৰাজুল হকক আৰু নুৰুল আমিনক কালাজুৰি আৰু মিকিৰভেটাৰ পৰা আটক কৰিবলৈ সক্ষম হয় । ঘটনাৰ সন্দৰ্ভত মিকিৰভেটা আৰক্ষী থানাত 318 /2020 নম্বৰত ভাৰতীয় দণ্ড বিধি আইনৰ 120(B)/489(C) ধাৰাত গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত । ব্যৱসায়ী চক্ৰটোৰ ভাষ্য মতে মাৰণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে এই জালনোটৰ ব্যৱসায়ৰ লগত জড়িত হৈছিল । দেশৰ 74 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই ঘটনাই মৰিগাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :ঠেলামৰাত অন্য তিনি বিধায়কসহ উপস্থিত শিলাদিত্য দেৱ

ABOUT THE AUTHOR

...view details