অসম

assam

ETV Bharat / state

মৰিগাঁৱত দুই যুৱকে ৰক্ষা কৰিলে দুই শিশুৰ প্ৰাণ - Two brave youths save lives of two children in morigaon

মৰিগাঁৱৰ দুই যুৱকে দিলে সাহসিকতাৰ পৰিচয় ৷ বাৰিষাৰ পানীত পৰি উটি যোৱা দুই কণমানিৰ প্ৰাণৰক্ষা কৰিলে দুই সাহসী যুৱকে (Two brave youths save lives of two children)। উদ্ধাৰকাৰী যুৱক দুজনৰ নাম ক্ৰমে দিপুল আৰু অনন্ত। ঘৰ মৰিগাঁৱৰ সিধাবাৰীত ।

two-brave-youths-save-lives-of-two-children-in-morigaon
মৰিগাঁৱত দুই যুৱকে ৰক্ষা কৰিলে দুই শিশুৰ প্ৰাণ

By

Published : Jun 23, 2022, 1:45 PM IST

মৰিগাঁও, 22 জুন: মৰিগাঁৱৰ দুই যুৱকে দিলে সাহসিকতাৰ পৰিচয় ৷ দুই যুৱকে বীৰত্ব দেখুৱাই প্ৰাণ ৰক্ষা কৰিলে দুই কণমানি শিশুৰ । সৰ্বত্ৰে এতিয়া বানৰ বিভীষিকা ৷ সমান্তৰালকৈ এতিয়া মৰিগাঁৱতো বানৰ তাণ্ডৱ (Flood in Morigaon)৷ বানপানীৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বহুলোক পানীত পৰি মৃত্যুক সাৱটি ল’বলগীয়া হৈছে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে মৰিগাঁও শংকৰদেৱ নগৰত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা ৷ বাঢ়নী পানীৰ সোঁতে উটুৱাই নিয়ে দুই কণমানি শিশুক ৷ বানত বুৰা মৰিগাঁও টাউনৰ শংকৰদেৱ নগৰৰ ৫ নং ৱাৰ্ডত বৃহস্পতিবাৰে ঘটিল এই দুৰ্ঘটনা ।

মৰিগাঁৱত দুই যুৱকে ৰক্ষা কৰিলে দুই শিশুৰ প্ৰাণ

মৰিগাঁৱত বাৰিষাৰ পানীত পৰি উটি যোৱা দুই কণমানিৰ প্ৰাণৰক্ষা কৰিলে দুই সাহসী যুৱকে (Two brave youths save lives of two children) । ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে । এই কথাই যেন প্ৰতিপন্ন হ’ল দুই কণমানিৰ ক্ষেত্ৰত ।

পানীত পৰি দুই শিশুৰ ককবকাই থকাৰ ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰে ওচৰতে জাল মাৰি থকা দুই যুৱকে। সময় বিনষ্ট নকৰি নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি যুৱক দুজনে পানীত জাপ দিয়ে আৰু দুই কণমানিক উদ্ধাৰ কৰে। উদ্ধাৰকাৰী যুৱক দুজনৰ নাম ক্ৰমে দিপুল আৰু অনন্ত। ঘৰ মৰিগাঁৱৰ সিধাবাৰীত । দুই যুৱকৰ সাহসিকতাক প্ৰশংসা কৰিছে একাংশই ৷

লগতে পঢ়ক:বানপানী চাবলৈ গৈ মৃত্যুক সাৱটিলে কামপুৰৰ যুৱকে

For All Latest Updates

ABOUT THE AUTHOR

...view details