মৰিগাঁও,6 এপ্ৰিল : ছত্তিশগড়ত মাওবাদী আক্ৰমণত শ্বহীদ হোৱা বীৰ জোৱান দিলীপ কুমাৰ দাস, বাবলু ৰাভা আৰু আন 22 গৰাকী শ্বহীদলৈ সোমবাৰে মৰিগাঁৱত শ্ৰদ্ধাঞ্জলি জনায় বিজেপি মৰিগাঁও জিলা সমিতিয়ে ৷
দেশৰক্ষাৰ অৰ্থে মাওবাদীৰ হাতত প্ৰাণ আহুতি দিয়া সৰুপেটাৰ শ্বহীদ দিলীপ কুমাৰ দাস আৰু দুধনৈৰ বাবলু ৰাভাক বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।