জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ মৰিগাঁও জিলা তদৰ্থ সমিতি গঠন মৰিগাঁও, 5 জুলাই: জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ মৰিগাঁও জিলা তদৰ্থ সমিতি গঠনৰ উদ্দেশ্যে শুকুৰবাৰে জাগীৰোড শাখা সাহিত্য সভাৰ ভৱনত এখন সভা অনুষ্ঠিত হয় । অৱসৰপ্ৰাপ্ত অধ্যাপক লক্ষেশ্বৰ কাকতিয়ে সঞ্চালনা কৰা সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সভাৰ আহ্বায়ক তথা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ মহিলা কোষৰ উপ-সভানেত্ৰী প্ৰতিভা দেওৰজাই ৷
সভাত উপস্থিত থাকি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ প্ৰধান সম্পাদক প্ৰহ্লাদ মিলিয়ে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ লক্ষ্য, উদ্দেশ্য সন্দৰ্ভত বিস্তৃতভাৱে বক্তব্য আগবঢ়োৱাৰ লগতে সাংস্কৃতিকভাৱে জাতিটোক ঐক্যবদ্ধ কৰা আৰু কৰ্মসংস্কৃতি গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে ৷
উল্লেখ্য যে গোলাঘাট জিলাৰ কাৰ্বি আংলঙৰ দাঁতি-কাষৰীয়া অঞ্চলত অসমৰ খিলঞ্জীয়া প্ৰায় এশ জনগোষ্ঠীক লৈ বৰঘৰ স্থাপন কৰি, এই বৰঘৰৰ জৰিয়তে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ঐক্যবদ্ধভাৱে একেখন মঞ্চৰ জৰিয়তে উপস্থাপন কৰি মহা-অসমীয়া জাতি ৰূপে বিশ্বৰ বিশাল মঞ্চত পৰিচিত কৰোৱাই হ'ল ইয়াৰ মুখ্য উদ্দেশ্য আৰু প্ৰয়াস ৷
সভাখনত জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভবেন চন্দ্ৰ নেওগ উপস্থিত থাকি এনেধৰণৰ সাংস্কৃতিক ঐক্যমঞ্চৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷ গতে সভাত ডাঃ পংকজ বৈশ্য, মৌচুমী হাজৰিকা, তুমণি গোস্বামী, বিভা ভাগৱতী, ৰিভা ভৰালী, শিখা গগৈ,ৰমেন্দ্ৰ অধিকাৰী, ৰাজীৱ চহৰীয়া, নিৰুপমা দাস, ৰঞ্জু দত্ত,পপী দেৱী, অৱন্তি কুমাৰ বৰাকে ধৰি বহু কেইগৰাকী লেখক, সাহিত্যিক, সমাজকৰ্মী উপস্থিত থাকে ৷
এই সভাতে সৰ্বসন্মতি ক্ৰমে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ভবেন চন্দ্ৰ নেওগক মুখ্য উপদেষ্টা হিচাপে লৈ হৰমোহন কলিতাক সভাপতি, লক্ষেশ্বৰ কাকতিক কাৰ্যকৰী সভাপতি, অৱন্তী কুমাৰ বৰা আৰু পৰমানন্দ ডেকাক উপ-সভাপতি, প্ৰতিভা দেওৰজাক সাধাৰণ সম্পাদিকা, সহকাৰী সম্পাদিকা তুমণি গোস্বামী আৰু ৰিভা ভৰালী ডেকা, সাংগঠনিক সম্পাদিকা ৰঞ্জু আমছি আৰু শিখা গগৈ, প্ৰচাৰ সম্পাদক জয়ন্ত সাগৰ শইকীয়া আৰু ৰাজীৱ চহৰীয়া আৰু উপস্থিত বাকীসকলক কাৰ্যকৰী সদস্য হিচাপে লৈ এখন ২১ জনীয়া মৰিগাঁও জিলা ভিত্তিক এখন তদৰ্থ সমিতি গঠন কৰা হয় ।
এই তদৰ্থ সমিতিৰ তত্বাৱধানত মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত আঞ্চলিক সমিতি গঠন কৰি, এই সমিতিৰ সকলো সদস্যৰ সহযোগিতাত অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সাংস্কৃতিক চৰ্চা তথা কাৰ্যসূচীৰ জৰিয়তে সংগঠিত কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমক ভৱিষ্যতে বিশেষভাৱে সহায় সহযোগিতা আগবঢ়াবলৈ বদ্ধপৰিকৰ হয় ৷
লগতে পঢ়ক:B.Ed certificate Scam in Assam : গ্ৰেপ্তাৰ হ’ব ভুৱা বিএড ডিগ্ৰীধাৰী শিক্ষক ! সস্তম শিক্ষা বিভাগ