অসম

assam

ETV Bharat / state

মৰিগাঁও চহৰত যান-বাহন আৰক্ষীৰ নতুন নিৰ্দেশনা

পূজাৰ সময়ত মৰিগাঁও চহৰত যাতে কোনোধৰণৰ যানজঁটৰ সৃষ্টি নহয় তাৰ বাবে মৰিগাঁও যানবাহন আৰক্ষী শাখাই মৰিগাঁৱলৈ অহা যানবাহনৰ প্ৰৱেশত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে । অন্যথা নিয়ম উলংঘাকাৰীক জৰিমনা বিহিব আৰক্ষীয়ে ৷

traffic instructions For Public by Morigaon police
এতিয়াৰে পৰা মৰিগাঁও চহৰত যান বাহন চলাচল বন্ধ কিয় !

By

Published : Oct 24, 2020, 9:12 AM IST

মৰিগাঁও, 24 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ দিনকেইটাত যানজঁটৰ সমস্যা সমাধানৰ বাবে মৰিগাঁৱত তিনিদিনৰ বাবে যান-বাহন আৰক্ষীয়ে ৰাইজৰ বাবে এক নতুন নিৰ্দেশনা জাৰি কৰিছে । অষ্টমী পূজা দিনাখনৰ পৰা মহাদশমী লৈকে চহৰৰ মাজমজিয়াত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যানবাহন । তাৰোপৰি দুচকীয়া বাহনতো উঠিব নোৱাৰিব দুজনকৈ লোক ।

এতিয়াৰে পৰা মৰিগাঁও চহৰত যান বাহন চলাচল বন্ধ কিয় !

শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ আন আন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো যান-বাহন আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । অষ্টমী পূজাৰ পৰা দশমীলৈ মৰিগাঁও চহৰত যাতে কোনোধৰণৰ যানজঁটৰ সৃষ্টি নহয় তাৰ বাবে মৰিগাঁও যানবাহন আৰক্ষী শাখাই মৰিগাঁৱলৈ অহা যানবাহনৰ প্ৰৱেশৰ বেলিকা কেতবোৰ নীতি নিয়ম বান্ধি দিছে ।

এতিয়াৰে পৰা মৰিগাঁও চহৰত যান বাহন চলাচল বন্ধ কিয় !

উল্লেখ্য যে, চহৰখনত অষ্টমী পূজাৰ পৰা দশমী পূঁজালৈ চহৰখনৰ মাজেৰে প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ সেই নীতি নিৰ্দেশনা মতে, গুৱাহাটীৰ পৰা মৰিগাঁৱলৈ অহা যান-বাহনসমূহ নভেটিত, নগাঁও দিশৰ পৰা অহা যান-বাহন সোণাৰী গাঁৱত, লাহৰীঘাট দিশৰ পৰা অহা যান-বাহনসমূহ গান্ধীভৱন প্ৰেক্ষাগৃহত ৰখোৱাৰ নিৰ্দেশনা জাৰি কৰিছে । আনহাতে, মৰিগাঁও হৈ গুৱাহাটী বা নগাঁও অহা-যোৱা কৰিবলৈ যাত্ৰীসকলে শংকৰদেৱ নগৰহৈ লঠাবড়ীৰ মাজৰে সোণাৰি গাঁও হৈ চলাচল কৰিব পাৰিব বুলি জনাইছে মৰিগাঁও যানবাহন আৰক্ষীৰ পৰিৰ্দশক কুশল বৰাই ।

লগতে পঢ়ক- ৰে'ল আৰক্ষীৰ অভিযানঃ জব্দ 34.5 কেজি গাঞ্জা,উদ্ধাৰ অপহৃত কিশোৰী

ABOUT THE AUTHOR

...view details