ধিং, ২৫ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে মৰিগাঁৱত আত্মসহায়ক গোটৰ বাণিজ্য মেলাৰ শুভাৰম্ভণি কৰা হয় । আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰী কৰাৰ উদ্দেশ্যেৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত এই বাণিজ্য মেলা অনুষ্ঠিত কৰা হয় । জিলা উপায়ুক্ত লীনা দাসে বাণিজ্য মেলাৰ উদ্বোধন কৰে । এই বাণিজ্য মেলাই বহু মহিলাক স্বনিৰ্ভৰশীল হোৱাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে জিলা উপায়ুক্তগৰাকীয়ে ।
মৰিগাঁৱত অনুষ্ঠিত হৈছে আত্মসহায়ক গোটৰ বাণিজ্য মেলা - মৰিগাঁৱৰ গান্ধী ভৱন
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত মৰিগাঁৱৰ গান্ধী ভৱন চৌহদত অনুষ্ঠিত হৈছে আত্মসহায়ক গোটৰ বাণিজ্য মেলা । বৃহস্পতিবাৰে জিলা উপায়ুক্ত লীনা দাসে বাণিজ্য মেলাৰ উদ্বোধন কৰে ।
লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে বিপনীৰ ব্যৱস্থা কৰিলে মহিলাসকল উপকৃত হ'ব আৰু ইয়াৰ যোগেদি আত্মসংস্থাপনৰ সুবিধাও লাভ কৰিব বুলি উপায়ুক্তগৰাকীয়ে মত পোষণ কৰে । অনুষ্ঠানত উপস্থিত থাকি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৱে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা লোৱা বিভিন্ন কাৰ্যসূচীসমূহৰ বিষয়ে উল্লেখ কৰে ।
লগতে অহা ২৮ ফেব্ৰুৱাৰীত গছবাৰী বিহুতলীত ১০৮ গৰাকী জীৱিকা সখীক কাম কৰাত সুচল হোৱাকৈ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত একোখনকৈ স্কুটী বিতৰণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে ।অনুষ্ঠানৰ শেষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক মুছাৰফ হুছেইন চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায় । এই অনুষ্ঠানত বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে ।
লগতে পঢ়ক:গুৱাহাটীৰ চিটি বাছেৰে ভৰি পৰিল অমিত শ্বাহৰ সভা