অসম

assam

ETV Bharat / state

শৌচালয় নিৰ্মাণৰ নামত ধিঙত ব্যাপক দুৰ্নীতি

দুৰ্নীতিমুক্ত চৰকাৰৰ শাসনৰ কালতে মুকলিকৈ সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত ৷ নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা সমষ্টিত দুৰ্নীতিয়ে লৈছে চূড়ান্ত ৰূপ ৷

toilet-scheme
শৌচালয় নিৰ্মাণৰ নামত ধিঙত ব্যাপক দুৰ্নীতি

By

Published : Jan 23, 2021, 2:22 PM IST

ধিং,23জানুৱাৰী : দুৰ্নীতিমুক্ত চৰকাৰৰ শাসনৰ কালতে মুকলিকৈ সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে নগাঁৱত ৷নগাঁও জিলাৰ ধিং আৰু বটদ্ৰৱা সমষ্টিত দুৰ্নীতিয়ে লৈছে চূড়ান্ত ৰূপ ৷ অভিযোগ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি স্বচ্ছ ভাৰত অভিযানৰ অধীনৰ অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি ৷ অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি শৌচালয়সমূহ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ৷ তদুপৰি শৌচালয়ত পচা কাঠ আৰু বাঁহ ব্যৱহাৰ কৰাৰ লগতে ব্যৱহৃত টিনপাতো তেনেই সাধাৰণ ৷

শৌচালয় নিৰ্মাণৰ নামত ধিঙত ব্যাপক দুৰ্নীতি

যাৰ ফলস্বৰূপে বিভিন্ন সময়ত শৌচালয়ৰ দেৱাল ভাঙি বহু কেইটা ঘটনাও সংঘটিত হৈছে । হিতাধিকাৰীৰ অভিযোগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া আৰু ঠিকাদাৰে মিলি এইদৰে লুন্ঠন ৰাজ চলাই আহিছে ৷ ৰাইজৰ অভিযোগৰ পিছতো কোনোধৰণৰ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই ক্ষেত্ৰত শীঘ্ৰে ৰাজ্য চৰকাৰৰ হস্তক্ষেপৰ দাবী জনাইছে হিতাধিকাৰীসকলে ৷

লগতে পঢ়কঃগহপুৰৰ বালিজানত পথ দুৰ্ঘটনাত নিহত দুগৰাকী বেংক কৰ্মচাৰী

ABOUT THE AUTHOR

...view details