মৰিগাঁও, 7 আগষ্ট : সোমবাৰে বিয়লি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত "ধঁপাত মুক্ত বিদ্যালয় আৰু ধঁপাত মুক্ত গাঁও" ৰ ওপৰত এখনি বিশেষ কৰ্মশালা জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষ্ঠিত হয় । উক্ত কৰ্মশালাত সভাপতিত্ব কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই । লগতে সভাখনত উপস্থিত থাকে জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, সমাজকৰ্মী মিলেশ্বৰ পাতৰ, মৰিগাঁও জিলাৰ চক্ৰ বিষয়াসকল আৰু শিক্ষাবিভাগৰ বিষয়ববীয়াসকল ৷
ধঁপাত মুক্ত অসম গঢ়ি তোলাৰ লক্ষ্য ধঁপাত মুক্ত এই বিশেষ কৰ্মশালাত জিলা সমাজ কল্যাণ বিষয়া, চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় অধ্যক্ষা মহোদয়া, জাগীৰোড আৰু ভকতগাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ সংকুল প্ৰমূখদ্বয়, জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা মহোদয়া, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডঃ হেমন্ত নাথ, লাহৰীঘাট বিদ্যালয়ৰ শিক্ষক আৰু চাৰিটা শিক্ষাখণ্ডৰ শিক্ষা বিষয়াসকলৰ লগতে উপস্থিত থাকে জিলা জনসম্পৰ্কৰক্ষী বিষয়া । এই কৰ্মশালাখনৰ আঁত ধৰে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নদেল বিষয়া ডা: জয়া প্ৰভা বড়োয়ে ।
ধঁপাত মুক্ত অসম গঢ়ি তোলাৰ লক্ষ্য ধঁপাত মুক্ত এই বিশেষ কৰ্মশালাখনত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে "ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ আইন ২০০৩" ৰ বিভিন্ন দফাৰ ওপৰত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ ডা: জয়া প্ৰভা বড়োয়ে ধঁপাত মুক্ত বিদ্যালয়ৰ নিৰ্দেশাৱলীৰ বিষয়ে কয় আৰু সমাজসেৱক মিলেশ্বৰ পাতৰ মহোদয়ে সমাজখনক ধঁপাত মুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় ৷ কৰ্মশালাখনত অংশগ্ৰহণকাৰী সকলোৱে জিলাখনক ধঁপাত মুক্ত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় আৰু কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলে ৷
ধঁপাত মুক্ত অসম গঢ়ি তোলাৰ লক্ষ্য সন্মানীয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা মহোদয়ে কৰ্মশালাত অংশগ্ৰহণকাৰী সকলো চৰকাৰী বিষয়াক উঠি অহা যুৱ-প্ৰজন্মক ধঁপাতৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ সকলোকে আহ্বান জনায় আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নদেল বিষয়া ডা: জয়া বড়োক জিলাখনক ধঁপাত মুক্ত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় ৷ আজিৰ এই সভাখনতে সৰ্বসন্মতিক্ৰমে মৰিগাঁও চেম্বাৰচ অৱ্ কমাৰ্চৰ বিষয়ববীয়াসকলৰ লগত এখনি সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
লগতে পঢ়ক :5 Medical Tests Every Smoker Needs: ধূমপান কৰা লোকে কৰিব লাগে এই ৫ টা স্বাস্থ্য পৰীক্ষা; হাত সাৰিব পাৰিব এই ডাঙৰ ৰোগৰ পৰা