অসম

assam

ETV Bharat / state

শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তিৱা সংগঠনে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷ তিৱা স্বায়ত্বশাসিত পৰিষদৰ কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ছয়টাকৈ তিৱা সংগঠনে ৷

By

Published : May 16, 2019, 5:33 PM IST

শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

মৰিগাঁও, 16 মেঃ দুৰ্নীতিৰ মহানায়ক শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিধায়ক তথা তিৱা স্বায়ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছয়টাকৈ তিৱা সংগঠনে ৷ ইতিমধ্যে দুটাকৈ গোচৰত সাঙোৰ খাই পৰা বৰ্তমানৰ বিজেপি বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে সংগঠনৰ নেতৃত্বই ৷

শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

তিৱা জাতিৰ পিতৃস্বৰূপ বীৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ নামত প্ৰায় 66 লাখ,জোনবিল উন্নয়নৰ নামত এক কোটি,তিৱা পৰিষদৰ অন্তৰ্গত তথা মৰিগাঁও বিধানসভা সমষ্টিৰ চাবুকধৰা চাৰিপুনীয়াৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ নামত চাৰি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰমাকান্তৰ বিৰুদ্ধে ৷ বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবীৰে বৃহস্পতিবাৰে ছটাকৈ তিৱা সংগঠনৰ তিনি সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে মৰিগাঁও উপায়ুক্তৰ সহায়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে মৰিগাঁও থানাত ৪৫১/১৯ নম্বৰত গোচৰ ৰুজু হৈ আছে ৷ আনহাতে তেওঁৰ কাৰ্যকালৰ সময়ত পৰিষদৰ ধনেৰে গুৱাহাটীত নিৰ্মাণ কৰা তিৱা অতিথি গৃহটো বলপূৰ্বকভাৱে দখল কৰি নিজাকৈ ব্যৱহাৰ কৰি আহিছে ৷ তিৱা পৰিষদৰ লগতে বহুটো দুৰ্নীতিৰ গোচৰত নাম সাঙোৰ খাই পৰা ৰমাকান্ত ডেউৰীক শীঘ্ৰেই গ্ৰেপ্তাৰ দাবী উত্থাপন কৰি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা মহিলা সন্থা, সদৌ তিৱা সুৰক্ষা সমিতি, তিৱা সাংস্কৃতিক সমাজ আৰু স্বায়ত্ব শাসন দাবী সংগ্ৰামী মঞ্চই ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details