মৰিগাঁও, 21 নৱেম্বৰ: তিৱা স্বায়ত্ব পৰিষদ বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত চাৰিদফীয়া প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰি অসম নিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ ৷ শুকুৰবাৰে মৰিগাঁৱত সংবাদমেল সম্বোধন কৰি সোণোৱাল চৰকাৰ আৰু অসম নিৰ্বাচনী আয়োগক কটু ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে ৷ আয়োগে তিৱা স্বায়ত্বশাসন পৰিষদৰ আইন উলংঘা কৰিছে বুলি অভিযোগ সংগঠনটোৰ বিষয়ববীয়াৰ ৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সংগঠনটোৱে ৷ মধ্য অসমৰ সকলো জাতি-জনগোষ্ঠীকে এই কাৰ্যসূচী পালন কৰিবলৈ আহ্বান জনাইছে সদৌ তিৱা ছাত্ৰ সন্থাই ৷ প্ৰতিবাদী কাৰ্যসূচী অনুসৰি-
1. 23 নবেম্বৰৰ পুৱা 5 বজাৰ পৰা 12 ঘন্টীয়া মধ্য অসম বন্ধ পালন ৷
2. 26 নবেম্বৰৰ পুৱা 5 বজাৰ পৰা 24 ঘণ্টীয়া মধ্য অসম বন্ধ পালন ৷