ৰহা, ১৭ এপ্ৰিল: বহাগ মাহৰ দ্বিতীয় দিনটোত অনুষ্ঠিত হ'ল ঐতিহাসিক তিৱা বিহু মেলা । ফা-মহাদেও শালত পূজা-অৰ্চনা কৰিলে খাহীগড়ৰ ৰাজ্যৰ ৰজা অৰূপ ডেকাৰজাই । সাংস্কৃতিক শোভাযাত্ৰা কৰি ৰজা আৰু পাৰিষদসকলক আদৰি আনিলে প্ৰজাই ।
কোনো অত্যাধুনিক সা-সুবিধা, নিৰাপত্তাৰক্ষী, অত্যাধুনিক ভৱন অবিহনে শাসনকাৰ্য চলাই আছে ৰজাই । পথৰ দাঁতিতে মুকলি আকাশৰ তলত পাৰিষদ গণৰ সৈতে আলোচনাত বহিছে ৰজা আৰু পাৰিষদসকলে । মধ্য অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ঐতিহাসিক খাহীগড়ৰ ৰাজ্যৰ ৰজা অৰূপ ডেকাৰজাই ব'হাগ মাহৰ দ্বিতীয় দিনা ফা-মহাদেও শালত পূজা আগবঢ়ায় ।