মৰিগাঁও,12 নৱেম্বৰ : এইবাৰ বিধানসভা নিৰ্বাচন নহয়,মৰিগাঁৱত শাসকীয় বিধায়ক ৰমাকান্ত দেউৰীৰ গাত লাগিছে তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ ৰাগী । দলে-বলে তিৱা স্বায়ত্ব পৰিষদৰ সন্মানীয় সমষ্টিত বজালে নিৰ্বাচনী ৰণডংকা ।
ৰাজ্যৰ অন্য দলসমূহে বিধান সভা নিৰ্বাচনৰ বাবে তৎপৰতা অব্যাহত ৰখোৱাৰ বিপৰীতে মৰিগাঁৱৰ শাসকীয় বিধায়ক ৰমাকান্ত দেউৰী নামি পৰিছে তিৱা স্বায়ত্ব পৰিষদ দখলৰ ৰাজনীতিত । ইয়াৰ ফলস্বৰূপে তেওঁ বৃহস্পতিবাৰে তিৱা স্বায়ত্ব পৰিষদৰ 8 নং দমাল সন্মানীয় সমষ্টিত এক ৰাজহুৱা সভাগৃহত অনুষ্ঠিত কৰে প্ৰাক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ ।