মৰিগাঁও, 11 জানুৱাৰী:ৰাজ্যজুৰি সমষ্টিৰ পুনৰ গঠন সন্দৰ্ভত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে ৷ মৰিগাঁৱত বুধবাৰে তিৱা স্বায়ত্ব পৰিষদৰ (Tiwa Autonomous Council) মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে (Chief Executive Member jiban Chandra Konwar) সংবাদমেল সম্বোধন কৰি ভাৰতৰ নিৰ্বাচন আয়োগ (Election Commission of India) তথা ৰাজ্য চৰকাৰক জনজাতিৰ নামত সমষ্টি সংৰক্ষণৰ দাবী উত্থাপন কৰে ৷
সংবাদমেলখনত কোঁৱৰে কয়- "ভাৰতবৰ্ষৰ মুখ্য নির্বাচন আয়ুক্তই অসম, মণিপুৰ, অৰুণাচল, নাগালেণ্ডৰ বিধানসভা আৰু লোকসভা সমষ্টি পুনৰ গঠনৰ (Reconstitution of community ) সিদ্ধান্ত ঘোষণা কৰি কেতবোৰ বিধি নিৰ্দ্দেশনা জাৰি কৰিছে । নিৰ্বাচন আয়োগৰ এনে গণতান্ত্রিক প্ৰমূল্যবোধৰ সিদ্ধান্তক তিৱা স্বায়ত্ব পৰিষদে আদৰণি জনাইছে ৷
বর্তমান কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে ২০০১ চনৰ লোক পিয়লৰ ভিত্তিবৰ্ষ হিচাবে লৈ সমষ্টি পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । অসমৰ জনজাতি সকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাটো আমি বিচাৰো । যাতে প্রতিটো খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতীয়ে সাংবিধানিক অধিকাৰ লাভ কৰি সেই জনগোষ্ঠীৰ ভৱিষ্যত নিৰ্মান কৰিব পাৰে । তিৱা স্বায়ত্ব পৰিষদ এলেকাত, মৰিগাঁও, জাগীৰোড, দিশপুৰ, বট্ৰদৱা, লাহৰিঘাট, ৰহা, নগাঁও সদৰ, বঢ়মপুৰ, আৰু লামডিং বিধানসভা সমষ্টিৰ জনজাতি বসতিপ্রধান এলেকা সামৰি আছে ।"