মৰিগাঁও, 26 নৱেম্বৰ :তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক লৈ মৰিগাঁৱত ব্যাপক উছাহ পৰিলক্ষিত হৈছে ৷ অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ’ব তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন ৷ বুধবাৰে বিভিন্ন দলৰ প্ৰায় 42 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ মনোনয়ন দাখিলৰ অন্তিম দিন 28 নৱেম্বৰ যদিও 25 নৱেম্বৰতেই বহুসংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷
নিজ নিজ সমৰ্তকক লগত লৈ ঢোলে-দগৰে জিলা নিৰ্বাচনী বিষয়াক মনোনয়ন দাখিল কৰিলেহি প্ৰাৰ্থী সকলে ৷ যাৰ ফলত মৰিগাঁও চহৰত এক প্ৰকাৰ বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় ৷ জানিব পৰা মতে বিজেপিৰ 14 গৰাকী, কংগ্ৰেছৰ 12 গৰাকী, নিৰ্দলীয় 8 গৰাকী, অসম গণ পৰিষদৰ 5গৰাকী, তিৱা ঐক্য মঞ্চৰ 2 গৰাকী আৰু আম আদমী পাৰ্টিৰ এজন প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।