মৰিগাঁও,13 জুলাইঃ তিৱা স্বায়ত্ব শাসিত পৰিষদত উন্নয়নৰ নামত বুজন পৰিমাণৰ ধন আৱন্টন হোৱাৰ পিছতো কোনোধৰণৰ উন্নয়নে স্পৰ্শ কৰা নাই গ্ৰামাঞ্চলসমূহ ৷ গ্ৰামাঞ্চলৰ বাট-পথৰ শোচনীয় অৱস্থাই আজিও দুৰ্ভোগ ভোগাইছে সাধাৰণ ৰাইজক ৷ উল্লেখ্য যে, জাগীৰোড বিধান সভা সমষ্টিৰ পাত্ৰবড়ী পকী পথৰ পৰা শলমাৰীৰ আঙুলিকাটা পথাৰলৈকে পথ নিৰ্মানৰ নামত তিৱা স্বায়ত্ব পৰিষদৰ পৰা পাঁচ লাখ টকাৰ উন্নয়নৰ আঁচনি ঘোষণা কৰা হৈছিল ৷ কিন্তু ১৬ নং শলমাৰী সমষ্টিৰ সদস্য নৰোত্তম ডেকাই উদ্বোধন কৰা আঁচনিখনৰ অন্তৰ্গত এই পথছোৱা নিৰ্মানৰ পিছতেই চপৰা-চপৰে খহিবলৈ আৰম্ভ কৰিছে ৷
দুৰ্নীতিয়ে পাহাৰ গঢ়িছে তিৱা স্বায়ত্ব শাসিত পৰিষদে - তিৱা স্বায়ত্ব শাসিত পৰিষদ
জাগীৰোড বিধান সভা সমষ্টিৰ পাত্ৰবড়ী পকী পথৰ পৰা শলমাৰীৰ আঙুলিকাটা পথাৰলৈকে পথ নিৰ্মানৰ বাবদ তিৱা স্বায়ত্ব পৰিষদৰ পৰা পাঁচ লাখ টকাৰ উন্নয়নৰ আঁচনি ঘোষণা কৰা হৈছিল ৷ কিন্তু নিৰ্মানৰ পিছতেই চপৰা-চপৰে খহিছে পঁকী পথ ৷
সমান্তৰালকৈ শলমাৰী গাওঁ পঞ্চায়তে বিগত বৰ্ষতে ধন আবন্টিত পথৰ নিৰ্মানকাৰ্য আধাতে সামৰিলে ঠিকাদাৰ পঞ্চায়ত প্ৰতিনিধি, তথা উন্নয়ন বিষয়াই। ফলত জৰাজীৰ্ণ পথেৰেই নিতৌ অহা-যোৱা কৰিছে ৰাইছে ৷ এইক্ষেত্ৰত ৰাইজৰ বাৰাম্বাৰ আহ্বানৰ পিছতো এই দুৰ্নীতিৰ তদন্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মৰিগাঁৱৰ জিলা প্ৰশাসনে ৷ মুঠৰ ওপৰত গাঁওখনলৈ দুটাকৈ চৰকাৰী অনুষ্ঠানে চৰকাৰী আঁচনিৰ ধন মোকলাই দিছে যদিও একাংশ মুনাফা লোভী লোকৰ বাবেই যমৰ যাতনা ভোগকৰিবলগীয়া হৈছে সাধাৰণ ৰাইজে ৷
লগতে পঢ়ক- জম্মু কাশ্মীৰত আটক চাৰিটা সন্ত্ৰাসবাদী