অসম

assam

By

Published : Oct 30, 2022, 10:41 PM IST

ETV Bharat / state

Tiger at Bhuragaon: ভুৰাগাঁৱত বাঘৰ আতংক, চকুৰ পচাৰতে সাতটাকৈ গৰুক হত্যা

ভুৰাগাঁও এলেকৰা মিছামাৰী চৰত এটা বাঘে সন্ত্ৰাস চলাই অহাৰ লগতে পশুধন হত্যা কৰিছে(Tiger created tense situation at Bhuragaon) ৷ বাঘৰ ভয়ত চৰবাসী লোকে প্ৰাণৰ সংশয়ত ভুগিছে ৷

Tiger created tense situation at Bhuragaon
Tiger at Bhuragaon: ভুৰাগাঁৱত বাঘৰ আতংক, চকুৰ পচাৰতে সাতটাকৈ গৰুক হত্যা

মৰিগাঁও, 30 অক্টোবৰ: মৰিগাঁও জিলাৰ ভুৰাগাঁৱত বাঘৰ আতংকই নিদ্ৰা হৰিছে চৰবাসীৰ (Tiger at Bhuragaon)৷ বিগত কেইবাদিনো ভুৰাগাঁও এলেকৰা মিছামাৰী চৰত এটা বাঘে সন্ত্ৰাস চলাই অহাৰ লগতে পশুধন হত্যা কৰিছে(Tiger created tense situation at Bhuragaon) ৷ বাঘৰ ভয়ত চৰবাসী লোকে প্ৰাণৰ সংশয়ত ভুগিছে ৷

জানিব পৰামতে চৰ অঞ্চলটোত প্ৰায় ৬০/৬৫ টা পৰিয়ালৰ লোকে বসবাস কৰে ৷ প্ৰথমে এঘৰ লোকৰ গৰু নোহোৱা হোৱাৰ পিছতে লোকসকলে চিন্তিত হয় যদিও পৰৱৰ্তী সময়ত প্ৰতিদিনে নিশা হ’লেই লোকসকলৰ গোহালিৰ পৰা গৰু নোহোৱা হ’বলৈ আৰম্ভ কৰে ৷ এই ঘটনা দেখি চৰবাসী আচৰিত হৈ যদিও বাঘৰ উপস্থিতিৰ সম্ভেদ নাপায় ৷ ইয়াৰে মাজতে প্ৰতিদিনৰ দৰে বাঘটোৱে এঘৰ লোকৰ গোহালিত গৰু ভক্ষণ কৰিবলৈ প্ৰৱেশ কৰি যদিও গৰুক আঘাত কৰি ঠোঁট-মুখ চেলেকি গুচি আহিব লগা হয় ৷

এনেকৈয়ে দিন বাগৰি যোৱাৰ পিছতে এদিন লোকে ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত বাঘৰ খোজ প্ৰত্যক্ষ কৰে ৷ তেতিয়াহে চৰবাসীৰ লোকে গৰু অন্তৰ্ধান হোৱাৰ কাহিনী অৱগত হোৱাৰ লগতে ভয়ত ত্ৰাহি মধুসূদন সুঁৱৰে৷ ভয়াৰ্ত গাঁওবাসীয়ে বাঘৰ আতংকত কাম বন এৰি একেলগে গোট খাই আছিল ৷ ওৰে নিশা দা, জাঁঠি লৈ বহি থকা চৰবাসীৰ সন্মুখতেই বাঘটোৱে হজৰত আলী নামৰ এজন লোকৰ হালবোৱা গৰুটো মজুৱাৰ ভিতৰত টানি লৈ গৈছিল ৷ অঞ্চলটোত বাঘটোৱে সাতটাকৈ গৰু হত্যাৰ লগতে 5 টাকৈ গৰু আহত কৰিছে ৷

Tiger at Bhuragaon: ভুৰাগাঁৱত বাঘৰ আতংক, চকুৰ পচাৰতে সাতটাকৈ গৰুক হত্যা

এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে বাঘৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই মৰিগাঁও জিলাৰ আঞ্চলিক বন বিষয়া ৰবিন বৈশ্যকে ধৰি বূহৎ বাহিনী এটা লৈ চৰলৈ যায় আৰু বাঘৰ সন্ধানত বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে ৷ বাঘৰ উপস্থিতি গম পোৱাকৈ চৰ অঞ্চলটোত থকা সমগ্ৰ মজুৱাত জুই লগাই দিয়ে বন বিভাগৰ দলটোৱে৷ লগতে টেক্টৰ লগাই এফালৰপৰা পৰা চাফাই কৰে ৷

জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই খবৰ পোৱাৰ মাত্ৰকে এনেদৰে বৃহৎ বাহিনী লৈ চৰলৈ যোৱাত চৰবাসীয়ে প্ৰশংসা কৰে৷ বাঘটো ওৰাংৰ পৰা অহা বুলি বন বিষয়াৰ দলটোৱে সন্দেহ কৰিছে ৷ উল্লেখযোগ্য যে উপায়ুক্ত দেৱাশীষ শৰ্মা আৰু বন বিষয়া গৰাকীয়ে বাঘৰ পদচিহ্ন পৰ্যবেক্ষণ কৰি বাঘটো কোনফালে গৈছে তাৰ নীৰিক্ষন কৰে যদিও চৰটোৰ পৰা বাঘটো পলায়ন কৰে ৷ অৱশ্যে বাঘৰ পদচিহ্ন পৰ্যবেক্ষণ কৰাত শেষৰ পদচিহ্নটো ব্ৰহ্মপুত্ৰ নদীৰ পিনে যোৱাত বাঘটো পুনৰ ওৰাঙলৈ গুছি গ’ল বুলি বন বিভাগৰ লোকে সন্দেহ কৰে ৷

লগতে পঢ়ক:Ganja seized in Karbi Anglong: 8 কুইণ্টল গাঞ্জাসহ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details