মৰিগাঁও, ৩০ এপ্ৰিল: ৰাজ্যৰ চোকে - কোণে এইবাৰ বহিঃৰাজ্যৰ পৰা অহা চোৰে সন্ত্ৰাস চলাইছে । মঙলবাৰে মৰিগাঁৱত উৰিষ্যাৰ দুই চোৰ আটকাধীন হোৱাৰ পাছতে পোহৰলৈ আহে এই তথ্য । মৰিগাঁও চহৰৰ এগৰাকী মহিলাৰ ৩৫০০০ টকা আৰু যাৱতীয় নথিপত্ৰ থকা বেগটো থপিয়াই নিয়া চোৰকেইটাই ৰাস্তা চিনি নোপোৱাৰ ফলত জালত পৰিব লগা হয় । এই চোৰ দুটা ওড়িশ্যাৰ জৰ্জপুৰৰ অৰ্জুন প্ৰধানী আৰু ভাউলা প্ৰধানী বুলি জানিব পৰা হৈছে ।
ৰাজ্যত বহিঃৰাজ্যৰ চোৰৰ সন্ত্ৰাস - ETV BHARAT
সম্প্ৰতি ৰাজ্যত বৃদ্ধি পাইছে বহিঃৰাজ্যৰ চোৰৰ উপদ্ৰৱ । এগৰাকী মহিলাৰ ৩৫০০০ টকা আৰু যাৱতীয় নথিপত্ৰ থকা বেগটো থপিয়াই নিয়া চোৰকেইটাই ৰাস্তা চিনি নোপোৱাৰ ফলত জালত পৰিব লগা হয় । এই চোৰ দুটা উৰিষ্যাৰ জৰ্জপুৰৰ অৰ্জুন প্ৰধানী আৰু ভাউলা প্ৰধানী বুলি জানিব পৰা হৈছে ।

THIEVES FROM ODISHA ARRESTED
THIEVES FROM ODISHA ARRESTED
ওড়িশ্যাৰ পৰা আহি অসমৰ বিভিন্ন ঠাইত দুষ্কাৰ্য সংঘটিত কৰিছে এনে বহু দূৰ্বৃত্তৰ দলে । উল্লেখযোগ্য যে, চলিত মাহৰে ৯ এপ্ৰিলৰ দিনাও মৰিগাঁও চহৰৰ বেংকৰ পৰা এজন শিক্ষকৰ দুইলাখ টকা লৈ উধাও হৈছিল চোৰে । সেই ঘটনাতো এই দুটা চোৰেই জড়িত থকাৰ সন্দেহ কৰা হৈছে । সম্প্ৰতি মৰিগাঁও আৰক্ষী থানাৰ ৰঙাঘৰৰ আলহী এই চোৰ দুটা ।