মৰিগাঁও, 15 নৱেম্বৰ : মৰিগাঁৱত দীপাৱলীৰ সন্ধিয়া আতচবাজীৰ শব্দৰ সুবিধা লৈ মৰিগাঁও অধিবক্তা কাৰ্যালয়ৰ চৌহদৰ নটাৰী কাৰ্যালয়কে ধৰি সাতটা ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰে লুটপাত চলায় । চোৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত থকা অধিবক্তা সন্থাৰ কাৰ্যালয়ত থকা মৃণাল ডেকাৰ নটাৰী কক্ষৰ তলা ভাগি লুটপাট চলাই এটা কম্পিউটাৰো চুৰি কৰি নিয়ে ৷
দীপাৱলীৰ সন্ধিয়া মৰিগাঁৱত সাতটাকৈ স্থানত চোৰৰ অভিযান - মৰিগাঁও
মৰিগাঁও অধিবক্তা কাৰ্যালয়ৰ চৌহদৰ নটাৰী কাৰ্যালয়কে ধৰি সাতটা ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ লুটপাত ৷ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা অধিবক্তা সন্থাৰ কাৰ্যালয়ত থকা মৃণাল ডেকাৰ নটাৰী কক্ষৰ তলা ভাগি চোৰে লুটপাট চলোৱাৰ লগতে এটা কম্পিউটাৰো চুৰি কৰি নিয়ে ৷
ইয়াৰ উপৰি দুখনকৈ ভেন্দৰ, এখন হোটেল, ষ্টেচনাৰী দোকানকে ধৰি সাতখন দোকানত চোৰে লুটপাট চলাই কেছ বক্সত থকা টকা লৈ যোৱাৰ লগতে আচবাববোৰো নষ্ট কৰি থৈ যায় । চুৰি কাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগে মৰিগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে, অধিবক্তা চৌহদত নাছিল কোনো চিচিটিভি কেমেৰা । উল্লেখ্য যে, মৰিগাঁৱত একে নিশাই সংঘটিত এই চুৰি কাণ্ডই বৰ্তমান চহৰখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক : নগা ভূমিৰ অখণ্ডতাকলৈ আকৌ তৎপৰ এন এছ চি এন, উত্তপ্ত হোৱাৰ আশংকা মনিপুৰ !