মৰিগাঁও, 25 জুনঃসংৰক্ষণৰ অভাৱত কালৰ গৰাহত বিলীন হোৱাৰ দিশে, ইতিহাস প্ৰসিদ্ধ যাদুৰ দেশ মায়ঙৰ যাদু আৰু যাদুকৰী সা-সামগ্ৰী ৷ অভিযোগ অনুসৰি, প্ৰত্নতাত্বিক বিভাগৰ অৱহেলাৰ বাবেই হেৰুওৱাৰ দিশে অগ্ৰসৰ হৈছে এই আপুৰুগীয়া সম্পদসমূহ ৷ তৎসত্বেও ৰজাদিনীয়া ঢাল-তৰোৱালৰ পৰা বন্দুকলৈ-বাৰুদলৈ, ক'লা যাদুৰ পৰা বাঘধৰা মন্ত্ৰলৈকে পাৰ্যমানে সকলো সংগ্ৰহ কৰি ৰখা হৈছে ২০০২ চনত প্ৰতিষ্ঠা হোৱা মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰত ৷ স্থানীয় লোকৰ সহযোগত গঢ় লৈ উঠা এই বেচৰকাৰী সংগ্ৰহালয়ত দুই শতাধিক তন্ত্ৰমন্ত্ৰৰ পুথি আছে যদিও, এতিয়াও মায়ঙৰ সকলো মায়াৱী সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ লগতে আৰ্থিকভাৱে টনকিয়াল নোহোৱাৰ বাবেও সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰটোৱে এতিয়াও পৰ্যাপ্ত পৰিমাণে সেই পৌৰাণিত সামগ্ৰী সমূহ সংৰক্ষণৰ ব্যৱস্থা হাতত ল'ব পৰা নাই ৷ এই পৰ্যন্ত চৰকাৰৰ তৰফৰ পৰা এই আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও উল্লেখ কৰিছে ভিন্নজনে ৷ যাৰ ফলত অজ্ঞানতাৰ বাবেই হওক বা অন্ধবিশ্বাসৰ বাবেই হওক বহু স্থানীয় লোকৰ বাকচতে বেয়া হ'বলৈ ধৰিছে বহু মন্ত্ৰ পুথিৰ লগতে সামগ্ৰী ৷
সংৰক্ষণৰ অভাৱত বিলীন হোৱাৰ দিশে মায়ঙৰ পৌৰাণিক ইতিহাস
সংৰক্ষণৰ অভাৱত ঐতিহাসিক মায়ঙৰ ঐতিহ্য সম্প্ৰতি সংকটৰ গৰাহত ৷ প্ৰত্নতাত্বিক বিভাগৰ অৱহেলাৰ বাবেই হেৰুওৱাৰ দিশে অগ্ৰসৰ হৈছে আপুৰুগীয়া সম্পদসমূহ ৷ কিন্তু সম্প্ৰতি ৰাজ্যিক চৰকাৰৰ পৰিৱৰ্তে এই ঐতিহ্য ৰক্ষাৰ্থে আগবাঢ়ি আহিছে এটা বিদেশী সংস্থা ৷
কিন্তু শেহতীয়াকৈ যাদুৰ দেশ মায়ঙৰ পৌৰাণিক সম্পদ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে জাৰ্মানীৰ এটা ব্যক্তিগত সংস্থা ৷ জাৰ্মানীৰ জেদাৰ হেংগল নামৰ সংস্থাটোক সহযোগিতা আগবঢ়াইছে দেশৰ আগশাৰী বেচৰকাৰী সংস্থা ইন্টেক ইণ্ডিয়াই ৷ লক্ ডাউনৰ মাজতেই ৰাজ্যিক চৰকাৰৰ পৰিৱৰ্তে এই সম্পদসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ বাবে আগুৱাই আহিল এটা বিদেশী সংস্থা ৷ মায়ঙতে কোটি টকীয়া ব্ৰহ্মপুত্ৰ পূজনৰ লেখীয়া অভিলাসী অনুষ্ঠান অনুষ্ঠিত কৰা চৰকাৰে, এই ঠাইখনৰ ঐতিহ্য ৰক্ষাৰ্থে কোনো পদক্ষেপ নোলোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে ভিন্নজনে ৷ উল্লেখ্য যে, মায়ঙৰ এই গ্ৰাম্য সংগ্ৰহালয়লৈ প্ৰতিবছৰে আগমণ ঘটে বহু পৰ্যটকৰ লগতে গৱেষক ছাত্ৰ-ছাত্ৰীৰ ৷ সেয়েহে এই আপুৰুগীয়া সামগ্ৰীৰ ভঁৰালৰ লগতে ব্যতিক্ৰমী পৰ্যটনস্থলী সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান জনায় সচেতন লোকে ৷