অসম

assam

ETV Bharat / state

প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত পথ নামাকৰণ কৰাত আনন্দিত মায়ঙবাসী

গুৱাহাটীৰ নাৰেংগীৰ পৰা কাজলি, মায়ং হৈ মৰিগাঁও সংযোগী পথছোৱাৰ নাম প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাত সন্তোষ্টি প্ৰকাশ বৃহত্তৰ মায়ং অঞ্চলৰ ৰাইজৰ ৷

the-guwahati-morigaon-connecting-road-announced-in-the-name-of-late-homen-borgohain
প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত পথৰ নামাকৰণ

By

Published : May 23, 2021, 10:29 PM IST

মৰিগাঁও, 23 মে': গুৱাহাটীৰ নাৰেংগীৰ পৰা কাজলি, মায়ং হৈ মৰিগাঁও সংযোগী পথছোৱাৰ নাম প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ এই ঘোষণাত সন্তোষ্টি প্ৰকাশ বৃহত্তৰ মায়ং অঞ্চলৰ ৰাইজৰ ৷

চৰকাৰে উক্ত পথটোৰ নাম সদ্য প্ৰয়াত সাহিত্যিক সাংবাদিক, বুদ্ধিজীৱি তথা অসমৰ মণিষী, মহীৰূহ হোমেন বৰগোহাঞিৰ নামৰে নামাংকৃত কৰাত অতিশয় আনন্দিত হৈছে বুলি মন্তব্য কৰে মনহা কছাৰী গাঁৱৰ নিবাসী, যুৱ চিকিৎসক তথা হোমেন বৰগোহাঞিৰ অনুৰাগী ডাঃ অমৰ জ্যোতি ডেকাই ।

প্ৰয়াত হোমেন বৰগোহাঞিৰ নামত পথৰ নামাকৰণ

দেওবাৰে ই টিভিৰে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত হোমেন বৰগোহাঞিৰ অনুৰাগী ডাঃ অমৰজ্যোতি ডেকাই কয় যে, এতিয়াৰে পৰা গুৱাহাটীৰ নাৰেংগী, কাজলি, মায়ং, মনহা হৈ মৰিগাঁৱলৈ যোৱা এই পথছোৱাত বাস কৰা সমাজখনৰ আৰু অধিক দায়িত্ব বাঢ়িল । হোমেন বৰগোহাঞিৰ নীতি আদৰ্শ, সামাজিক দৰ্শনৰে বৰ্তমানৰ প্ৰজন্মক আগবঢ়াই নিলেহে এই পথছোৱাৰ নামাকৰণ অৰ্থবহ হ’ব এই বুলি মন্তব্য কৰে ডাঃ অমৰজ্যোতি ডেকাই ।

লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

ABOUT THE AUTHOR

...view details