অসম

assam

ETV Bharat / state

মৰিগাঁৱত অনুষ্ঠিত হ'ব গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস - The Foundation Day of the Goria Moria Desi jatiya parisad

বৃহস্পতিবাৰে মৰিগাঁৱৰ দলবাৰীত অনুষ্ঠিত হ'ব গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন ৷ দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব সংগঠনটোৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন ৷

মৰিগাঁৱত অনুষ্ঠিত হ'ব গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস
মৰিগাঁৱত অনুষ্ঠিত হ'ব গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস

By

Published : Feb 4, 2021, 1:38 PM IST

মৰিগাঁও, 4 ফেব্ৰুৱাৰী: মৰিগাঁৱৰ দলবাৰীত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ৰাজ্যৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠন গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন।গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শ্বাহ নোৱাজ হুছেইনৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'ব দিনযোৰা কাৰ্যসূচী ৷ বৰ্ণাঢ্য সাংস্কৃতিক সমদলেৰে অসমীয়া সংস্কৃতিক উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে সংগঠনটোৱে ৷

মৰিগাঁৱত অনুষ্ঠিত হ'ব গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে,এই প্ৰতিষ্ঠা দিৱস আৰু ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মুকলি সভাত উপস্থিত থাকিব নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈ,মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী,শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা,আছুৰ সভাপতি দিপাংক নাথ,মৰিগাঁও জিলা উপায়ুক্ত লীনা দাস আৰু আৰক্ষী অধীক্ষক ড৹ নন্দ সিং বৰকলা

লগতে পঢ়ক:কমল কুমাৰ মেধিৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাত গোচৰ

ABOUT THE AUTHOR

...view details